ৰঙিয়া, 7 আগষ্ট : ৰঙিয়াত পুনৰ কামনাৰ বলি হ'ল এগৰাকী 14 বছৰীয়া কিশোৰী । ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰা কাণ্ডই সমগ্ৰ ৰঙিয়া অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত তথ্য অনুসৰি কিশোৰীগৰাকীৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি যুৱকজনে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে এক আওহতীয়া স্থানলৈ লৈ যায় ৷ ইয়াৰ পাচতে কিশোৰীগৰাকীক ধৰ্ষণ কৰি কিশোৰীগৰাকীক সেই ঠাইতে এৰি যুৱকজনে পলায়ন কৰে ৷
পাচত ঘৰলৈ উভতি আহি কিশোৰীগৰাকীয়ে পৰিয়ালৰ লোকৰ আগত সমগ্ৰ ঘটনা বিৱৰি কয় ৷ এই বিষয়ে অৱগত হোৱাৰ লগে লগে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে তাৎক্ষণিকভাৱে তুলসীবাৰী থানাত ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰে ৷
অভিযুক্ত যুৱকজন ৰঙিয়াৰ ইচ্ছাপুৰৰ আনোৱাৰ হুছেইন বুলি জানিব পৰা হৈছে । কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে দিয়া গোচৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত যুৱকজনক গ্ৰেপ্তাৰ কৰিছে ৷ ধৃত যুৱকজনক ৰঙিয়া আৰক্ষীয়ে আদালতত হাজিৰ কৰাইছে বুলি জানিব পৰা গৈছে ।
লগতে পঢ়ক : খাকী পোচাকত কালিমা : উৎকোচ লৈ নিলম্বিত দুই কনিষ্টবল