ETV Bharat / state

ৰাইজৰ ক্ষোভঃ উটুৱাই দিলে বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিমূৰ্তি

author img

By

Published : Jul 27, 2019, 10:51 PM IST

ৰঙিয়াৰ সমীপৱৰ্তী ইউছুফ নগৰৰ ৰাইজে সাব্যস্ত কৰিলে ব্যতিক্ৰমী প্ৰতিবাদ ৷ বহুদিন ধৰি অঞ্চলটোৰ কাষেদি বৈ যোৱা বৰলীয়া নদীয়ে সৃষ্টি কৰি প্ৰৱল গৰাখহনীয়া ৰোধৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষ তথা সমষ্টিৰ বিধায়কক অনুৰোধ কৰাৰ পাছতো কোনো সুফল নোপোৱাত ৰাইজে বিধায়কজনৰ প্ৰতিমূৰ্তি সাজি বৰলীয়া নৈত উটুৱাই দিয়ে ৷

ৰাইজৰ অভিনৱ প্ৰতিবাদ: উটুৱাই দিলে বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিমূৰ্তি

ৰঙিয়া, 27 জুলাইঃ ৰঙিয়াৰ নিকটৱৰ্তী ইউছুফ নগৰৰ ৰাইজৰ ৰোষত এইবাৰ গণ পৰিষদৰ বিধায়ক সত্যব্ৰত কলিতা ৷ বৰলীয়া নৈৰ বান আৰু খহনীয়াত দীৰ্ঘদিন সৰ্বস্বান্ত তথা পীড়িত অঞ্চলটোৰ ৰাইজে বহুবাৰ সমস্যা সমাধানৰ বাবে অফিচে-পোহাৰে তাদবাতী দিয়াৰ পাছতো কোনো গা-নলৰিল বিভাগীয় কৰ্তৃপক্ষৰ ৷ আনহে নালাগে ৰাইজৰ দুৰ্দিনত মাত এষাৰ দিবলৈও আহৰি নাপালে সমষ্টিটোৰ এ.জি.পি ৰ বিধায়ক সত্যব্ৰত কলিতাই ৷ সেই কথাতেই দীৰ্ঘদিন বঞ্চিত তথা উপেক্ষিত অঞ্চলৰ ৰাইজে সাব্যস্ত কৰিলে এক ব্যতিক্ৰমী প্ৰতিবাদ ৷ ৰাইজে নিজ প্ৰচেষ্টাত ডাঙৰ গছৰ ডাল আৰু জিঅবেগৰ সহায়ত নদীৰ খহনীয়া ৰোধৰ প্ৰচেষ্টা হাতত লোৱা দেখা যায় লগতে ৰাইজে কলৰ ভূৰ সাজি বিধায়কজনৰ প্ৰতিমূৰ্তি বৰলীয়াত উটুৱাই দি ক্ষোভ উজাৰে ৷ তদুপৰি ৰাইজে বিধায়ক সত্যব্ৰত কলিতাক বিধায়ক হিচাপে নালাগে বুলি উল্লেখ কৰাৰ লগতে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাহে অঞ্চলটোৰ বিধায়ক হ'বৰ বাবে অধিক যোগ্য বিবেচিত হ'ব বুলি মতপোষণ কৰিছে ৷ ৰাইজে অঞ্চলটো কমলপুৰ সমষ্টিৰ পৰা আঁতৰাই আনি ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।

Intro:বৰলীয়া নৈত উটি গ'ল বিধায়ক সত‍্যব্ৰত কলিতাBody:বৰলীয়া নৈত কলৰ ভূৰত উটি যায় কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ প্ৰতিমূৰ্তি। ৰঙিয়াৰ ইউছুফ নগৰত আগৰ কেইবাবছৰৰ লগতে এইবাৰৰ প্ৰলয়ংকৰী বানপানীত কাষেৰে বৈ যোৱা বৰলীয়া নদীয়ে প্ৰৱল গড়াখহনীয়াৰ সৃষ্টি কৰি আহিছে। খহনীয়া ৰোধৰ বাবে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ কৰিও বিফল হৈছে ৰাইজ। অঞ্চলটোত খহনীয়া ৰোধৰ বাবে ইমান দিনে কোনো ব‍্যৱস্থা নোলোৱা বাবে খহনীয়া আহি ৰাস্তাৰ কাষ পাইছেহি। ইউচুফ নগৰ ৰঙিয়াৰ ১০ নং ৱাৰ্ডৰ অন্তৰ্গত যদিও সমষ্টি হিচাপে কমলপুৰ হোৱাৰ বাবে সকলো চৰকাৰী কাম কাজ লেহেমীয়া হৈ পৰে বুলি ৰাইজে আপত্তি কৰে।সেয়ে আজি ৰাইজে চৰকাৰী সাহাৰ্য্যৰলৈ বাট নাচাই নিজেই হাতেকামে লাগি ডাঙৰ গছৰ ডাল আৰু জিঅ'বেগৰ সহায়ত নদীৰ খহনীয়া ভেটিবলৈ চেষ্টা কৰে। লগতে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ বিৰুদ্ধে মুৰ্দাবাদ ধ্বনি দিয়ে। ইউচুফ নগৰৰ ৰাইজে অভিযোগ কৰে যে বৰলীয়া নৈৰ প্ৰৱল গৰাখহনীয়াত আক্ৰান্ত হোৱাৰ পিছতো বিধায়ক সত্যব্ৰত কলিতাই যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ লগতে বিধায়ক হোৱাৰ পিছৰে পৰা আজিলৈকে এবাৰো অঞ্চলটোৰ খবৰ লোৱা নাই। লগতে ৰাইজে অঞ্চলটো কমলপুৰ সমষ্টিৰ পৰা ৰঙিয়া সমষ্টিত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। জনপ্ৰতিনিধি জনে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে বিধায়ক সত্যব্ৰত কলিতাক বিধায়ক হিচাপে নালাগে বুলি কৈ ৰাইজে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাকহে বিছাৰে। ৰাইজে আজি বৰলীয়া নৈৰ গৰাখহনীয়া ৰোধৰ বাবে পুৰষ-মহিলা সকলোৱে হাতে কামে নামি পৰে ।
Byte :publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.