ETV Bharat / sports

বিজেপি চৰকাৰ আৰু ফেডাৰেছনে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে; বজৰং পুনিয়া

ড’প টেষ্টৰ বাবে নমুনা দিবলৈ অস্বীকাৰ কৰাৰ বাবে বজৰং পুনিয়াক চাৰি বছৰৰ বাবে নিলম্বন কৰিছে নাডাই । পঢ়ক বিতং খবৰ...

BAJRANG PUNIA ON NADA
মল্লযোদ্ধা বজৰং পুনিয়া (ANI PHOTO)
author img

By ETV Bharat Sports Team

Published : Nov 28, 2024, 2:23 PM IST

স্প’ৰ্টছ ডেস্ক: টকিঅ’ অলিম্পিকৰ পদক বিজয়ী বজৰং পুনিয়াই ৰাষ্ট্ৰীয় এণ্টি ডপিং এজেন্সীয়ে তেওঁৰ ওপৰত জাৰি কৰা চাৰি বছৰৰ নিষেধাজ্ঞাক ‘ৰাজনৈতিক ষড়যন্ত্ৰ’ বুলি উত্থাপন কৰিছে অভিযোগ ৷ লগতে ৰাষ্ট্ৰীয় ডপিং সংস্থাটোৱে চৰকাৰৰ হেঁচাত কাম কৰাৰ অভিযোগ উত্থাপন কৰে ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে ।

2024 চনৰ মাৰ্চ মাহত ড’প টেষ্টৰ বাবে প্ৰস্ৰাৱৰ নমুনা দিবলৈ অস্বীকাৰ কৰাৰ অপৰাধত ভাৰতীয় মল্লযুঁজাৰুগৰাকীক নিলম্বন কৰা হৈছে । ইউনাইটেড ৱৰ্ল্ড ৰেছলিঙেও 2024 চনৰ 31 ডিচেম্বৰলৈকে খেলুৱৈগৰাকীক নিলম্বন কৰিছে ।

নিষেধাজ্ঞা আৰোপৰ পিছত বজৰং পুনিয়াৰ গুৰুতৰ অভিযোগ

"এই 4 বছৰৰ নিষেধাজ্ঞা মোৰ বিৰুদ্ধে ব্যক্তিগত হিংসা আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ ফল । মহিলা মল্লযোদ্ধাসকলৰ সমৰ্থনত আমি আৰম্ভ কৰা আন্দোলনৰ প্ৰতিশোধ ল'বলৈ মোৰ বিৰুদ্ধে এই পদক্ষেপ লোৱা হৈছে । সেই আন্দোলনত আমি অন্যায় আৰু শোষণৰ বিৰুদ্ধে মাত মাতিছিলো" বুলি অভিযোগ উত্থাপন কৰে পুনিয়াই ।

খেলুৱৈগৰাকীয়ে লগতে কয়, "মই এয়া স্পষ্ট কৰি দিব বিচাৰো যে মই কেতিয়াও ড'পিং পৰীক্ষা কৰিবলৈ অস্বীকাৰ কৰা নাই । যেতিয়া নাডাৰ দলটো পৰীক্ষাৰ বাবে মোৰ ওচৰলৈ আহিছিল, তেওঁলোকৰ ড’প কিটৰ ম্যাদ উকলি গৈছিল । এয়া এক গুৰুতৰ অৱহেলা আছিল ৷ মই কেৱল পৰীক্ষাটো এটা বৈধ কিটৰ সৈতে কৰাতহে হেঁচা দিছিলো । মোৰ স্বাস্থ্য আৰু কেৰিয়াৰ সুৰক্ষিত কৰাটোও প্ৰয়োজনীয় আছিল । কিন্তু ইয়াক ইচ্ছাকৃতভাৱে মোৰ বিৰুদ্ধে অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল" ৷

"বিজেপি চৰকাৰ আৰু ফেডাৰেছনে মোক ফান্দত পেলাবলৈ আৰু মোৰ কেৰিয়াৰ সমাপ্ত কৰিবলৈ এই কৌশল প্ৰয়োগ কৰিছে । এই সিদ্ধান্তটো উচিত নহয়, কিন্তু মোক আৰু মোৰ দৰে আন খেলুৱৈসকলক ধ্বংস কৰাৰ এটা প্ৰয়াস । নাডাৰ এই কাৰ্যই প্ৰমাণ কৰিছে যে তেওঁলোকৰ নিৰপেক্ষতাৰ সৈতে কোনো সম্পৰ্ক নাই । চৰকাৰৰ নিৰ্দেশত এনে সকলো প্ৰতিষ্ঠান চলি আছে । এই নিষেধাজ্ঞাৰ আঁৰৰ প্ৰকৃত উদ্দেশ্য হৈছে মোক ধ্বংস কৰা আৰু মোক অন্যায়ৰ বিৰুদ্ধে মাত মতাত বাধা দিয়া" ৷

মই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ বন্ধ নকৰো: বজৰং পুনিয়া

"মই স্পষ্ট কৰি দিওঁ যে মোক আজীৱন নিলম্বিত কৰিলেও মই অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ বন্ধ নকৰো । এই যুঁজ কেৱল মোৰ নহয়, ই প্ৰতিজন খেলুৱৈৰে যুঁজ, যাক প্ৰণালীটোৱে ধ্বংস কৰিবলৈ চেষ্টা কৰিছে । মই এই সিদ্ধান্তৰ বিৰুদ্ধে আপীল কৰিম আৰু শেষলৈকে মোৰ অধিকাৰৰ বাবে যুঁজ অব্যাহত ৰাখিম" বুলি ভাৰতীয় মল্লযোদ্ধাগৰাকীয়ে দৃঢ়তাৰে কয় ।

বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ গেমছ, এছিয়ান চেম্পিয়নশ্বিপ আৰু কমনৱেলথ চেম্পিয়নশ্বিপৰ দৰে শীৰ্ষ প্ৰতিযোগিতাত একাধিক পদক লাভ কৰা বজৰং পুনিয়া হৈছে দেশৰ শীৰ্ষ মল্লযোদ্ধাসকলৰ মাজৰ এজন ৷ তেওঁক 2015 চনত অৰ্জুন বঁটা, 2019 চনত খেলৰত্ন আৰু পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছে । 30 বছৰীয়া বজৰঙে চলিত বৰ্ষৰ ছেপ্টেম্বৰত সতীৰ্থ ভাৰতীয় মল্লযোদ্ধা বিনেশ ফোগাটৰ সৈতে ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল ।

লগতে পঢ়ক: অৰ্জুন বঁটা, খেলৰত্ন, পদ্মশ্ৰীৰে সন্মানিত খেলুৱৈক চাৰিবছৰৰ বাবে নিষিদ্ধ ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.