ETV Bharat / state

ৰঙিয়া থানাত মুকলি হ'ল শিশু হিতৈষী কেন্দ্ৰ - বিশ্ব শিশু দিৱস

অসম আৰক্ষীৰ উদ্যোগত ৰঙিয়া থানাত স্থাপন কৰা শিশু হিতৈষী কেন্দ্ৰটোৰ শুভ উদ্বোধনৰ পিচতে থানা চৌহদত এখন সভা অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বম্বে উচ্চ ন‍্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই ৷

rangia-police-station-story
ৰঙিয়া থানাত মুকলি হ'ল শিশু হিতৈষী কেন্দ্ৰ
author img

By

Published : Nov 20, 2020, 5:14 PM IST

ৰঙিয়া, 20 নৱেম্বৰ : ৰঙিয়া আৰক্ষী থানাত শুকুৰবাৰে শিশু হিতৈষী কেন্দ্ৰ মুকলি কৰা হয়। বিশ্ব শিশু দিৱসৰ লগত সংগতি ৰাখি এই কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰে বম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই। "বচপন বচাও আন্দোলন" নামৰ সংস্থাটোৰ সহযোগত ৰঙিয়া আৰক্ষী থানাত আনুষ্ঠানিক ভাৱে আৰম্ভ কৰা হয় এই শিশু হিতৈষী কেন্দ্ৰটো।

ৰঙিয়া থানাত মুকলি হ'ল শিশু হিতৈষী কেন্দ্ৰ

অসম আৰক্ষীৰ উদ্যোগত স্থাপন কৰা এই কেন্দ্ৰটো শুভ উদ্বোধনৰ পিচতে থানা চৌহদত এখন সভা অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বম্বে উচ্চ ন‍্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞাই ৷ অসম আৰক্ষীয়ে থানাত আৰম্ভ কৰা শিশু হিতৈষী কেন্দ্ৰ স্থাপন কৰা পদক্ষেপৰ শলাগ লয় উজ্জ্বল ভূঞাই । লগতে ভূঞাই অসমত বৰবিহ স্বৰূপ হৈ পৰা ড্ৰাগছৰ ভয়াৱহতাক লৈ চিন্তা ব্যক্ত কৰে। এইক্ষেত্ৰত আৰক্ষীৰ কৰণীয় কাৰ্যৰ ওপৰত ব্যাখ্যা কৰাৰ লগতে আৰক্ষীয়ে জনতাৰ সৈতে বন্ধুত্বমূলক সম্পৰ্ক গঢ়ি তুলি কাম কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়।

ৰঙিয়া আৰক্ষী থানাত আয়োজিত উক্ত কাৰ্যসূচীত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ লগতে অসম আৰক্ষীৰ প্ৰশাসনিক বিভাগৰ অতিৰিক্ত সঞ্চালক প্ৰধান হৰমীত সিং,কামৰূপ উপায়ুক্ত কৈলাশ কাৰ্তিক এন.ৰ লগতে কামৰূপৰ আৰক্ষী অধীক্ষক প্ৰাৰ্থ সাৰথি মহন্ত আৰু বচপন বচাও আন্দোলনৰ নেত্ৰী ডঃ ৰশ্মি শৰ্মা উপস্থিত থাকে।
লগতে পঢ়ক: শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.