ETV Bharat / state

ৰঙিয়া আৰক্ষীৰ জালত দেশৰ ম’ষ্ট ৱাণ্টেড ATM চুৰি গেং - Inter state robbers arrested by Rangia police

হাৰিয়ানাৰ পৰা ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে এটা মষ্ট ৱাণ্টেড এটিএম চুৰি গেং ৷ কিছুদিন পূৰ্বে ৰঙিয়াৰ এটা এটিএমৰ পৰা প্ৰায় 30 লাখ টকা লুটি নিয়া দলটোৰ বিৰুদ্ধে দেশৰ ভিন্ন স্থানত দুষ্কাৰ্য সংঘটিত কৰাৰ অভিযোগ আছে ৷

ATM looted at Rangia
ৰঙিয়া আৰক্ষীৰ জালত দেশৰ ম’ষ্ট ৱাণ্টেড এটিএম চুৰি গেং
author img

By

Published : Jul 10, 2022, 7:47 PM IST

ৰঙিয়া, 10 জুলাই: ৰঙিয়া আৰক্ষীৰ জালত দেশৰ ম’ষ্ট ৱাণ্টেড এটিএম চুৰি গেং । হাৰিয়ানাত ৰঙিয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰপ্তাৰ কৰে চাৰি আন্তঃৰাজ্যিক চোৰক । যোৱা দুই জুলাইৰ নিশা ভাৰত-ভূটান সংযোগী পথৰ তিনিআলিস্থিত এটা SBI ATM ৰ পৰা দুৰ্বৃত্তই লুটি নিছিল প্ৰায় ৩০ লাখ টকা (ATM looted at Rangia)। নিশা প্ৰায় ২.৫১ বজাত দুৰ্বৃত্তৰ দল সোমাইছিল এটিএমটোত ।

দুৰ্বৃত্তৰ দলটোৱে ১ ঘণ্টা ধৰি টকা লুটিবলৈ চেষ্টা কৰি অৱশেষত লুটি লৈ গৈছিল এটিএম টোৰ ভিতৰত থকা প্ৰায় ৩০ লাখ টকা । বেলেন’ আৰু এছাৰ মিনি ট্ৰাকযোগে চাৰিজনীয়া দুৰ্বৃত্তৰ দলটো পাইছিলগৈ হাৰিয়ানা ৷ অৱশেষত ৰঙিয়া আৰক্ষীয়ে হাৰিয়ানাত অভিযান চলাই পোনহানা জিলাৰ পৰা গ্ৰেপ্তাৰ কৰে নিছাৰ, নাছিম, মহম্মদ আৰু গোপাল নামৰ দুৰ্বৃত্ত চাৰিটাক (Inter state robbers arrested by Rangia police) । দুৰ্বৃত্তকেইটাৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে নগদ ২৯ লাখ ৬৮ হাজাৰ টকা ।

ৰঙিয়া আৰক্ষীৰ জালত দেশৰ ম’ষ্ট ৱাণ্টেড এটিএম চুৰি গেং

উল্লেযোগ্য যে এই গেংটোৱে ভাৰতৰ বিভিন্ন ৰাজ্যত ATM চুৰিকাৰ্য সংঘটিত কৰি অহাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে । দুৰ্বৃত্তকেইটাক গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশৰ পৰা বিৰত আছে কামৰূপ জিলা আৰক্ষী অধীক্ষক ।

লগতে পঢ়ক: অমানৱীয়: অপৰাধৰ শাস্তি হিচাপে নগাঁৱত জীৱন্তে জ্বলাই দিলে এজনক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.