ETV Bharat / state

ৰঙিয়াত আৰক্ষীয়ে খেদি খেদি ধৰিলে এটা স্কুটি চোৰক - এটা স্কুটি চোৰক গ্ৰেপ্তা

খেদি খেদি এটা স্কুটি চোৰক গ্ৰেপ্তাৰ কৰে ৰঙিয়া আৰক্ষীয়ে ৷ চোৰটোৱে গুৱাহাটী ৰিহাবাৰীৰ পৰা AS-01H-0683 নম্বৰৰ নীলা ৰঙৰ এখন স্কুটি চুৰি কৰি আনিছিল ৷ জি.পি.এছৰ সহায়ত আটক হয় চোৰটো ৷

ৰঙিয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে এটা স্কুটি চোৰক

author img

By

Published : Apr 19, 2021, 12:58 PM IST

ৰঙিয়া, 19 এপ্ৰিল : ৰঙিয়া আৰক্ষীয়ে এক অভিযান চলাই এটা স্কুটি চোৰক গ্ৰেপ্তাৰ কৰে ৷ ৰঙিয়াৰ সমীপৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই আটক কৰে চোৰটোক ৷ জানিব পৰা মতে, গুৱাহাটী ৰিহাবাৰীৰ পৰা কিছুদিন পূৰ্বে এজন ব্যক্তিৰ AS-01H-0683 নম্বৰৰ নীলা ৰঙৰ এখন স্কুটি চুৰি হয় । ইয়াৰ পাচতে ঘটনা সন্দৰ্ভত স্কুটিৰ মালিক গৰাকীয়ে আৰক্ষীৰ কাষ চাপে । স্কুটিখনত জি.পি.এছ সংযোগ থকাৰ বাবে স্কুটিখন ৰঙিয়া অভিমুখে আহি থকাৰ কথা জানিব পাৰে গাড়ীখনৰ গৰাকীয়ে । লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়ে তেওঁ ।

ৰঙিয়া আৰক্ষীয়ে খেদি খেদি ধৰিলে এটা স্কুটি চোৰক

স্কুটিখন গুৱাহাটীৰ দিশৰ পৰা দ্ৰুত গতিত আহি থকা অৱস্থাত আৰক্ষীয়ে ৰখাবলৈ নিৰ্দেশ দিয়ে । আৰক্ষীৰ নিৰ্দেশ নামানি চোৰটোৱে পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে খেদি খেদি আটক কৰে চোৰটোক । চোৰটোৱে নিজকে গোঁসাইগাঁৱৰ অক্সিগুৰীৰ ওৱালিবৰ মুচাহাৰী বুুলি চিনাকী দিয়ে । তদুপৰি বৰ্তমান অধিক তথ্য সন্ধানত সোধপোচ অব্যাহত ৰাখিছে ৰঙিয়া আৰক্ষীয়ে ৷

লগতে পঢ়ক:ৰাজ্যত প্ৰবাহিত কৰ’ণা সংক্ৰমণৰ দ্বিতীয় ঢৌ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.