ৰঙিয়া,১৮ মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিদিনে কৰ'ণাত আক্ৰান্ত শ শ লোক । কামৰূপ জিলাৰ বিভিন্ন স্থানতো কৰ'ণাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈ আছে । জিলাখনৰ অন্যতম প্ৰধান নগৰ ৰঙিয়াত সোমবাৰৰ দিনটোত ৩০ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ৰঙিয়া স্বাস্থ্যখণ্ডৰ অধীনত ৰেপিড এণ্টিজেন টেষ্টত ৩০ গৰাকীকৈ লোকৰ দেহত ধৰা পৰে ক'ভিড-১৯ ৰ অৱস্থিতি ।
ক'ভিড পৰীক্ষা কেন্দ্ৰ কেইটাত ৫৬৯ গৰাকী লোকৰ ৰেপিড এণ্টিজেন টেষ্ট কৰা হৈছিল । তাৰ ভিতৰত ৩০ গৰাকী লোকৰ দেহত ধৰা পৰে ভাইৰাছৰ অৱস্থিতি । ক'ভিড আক্ৰান্তসকলৰ ২৫ গৰাকীক স্বাস্থ্য বিভাগৰ নিৰ্দেশমৰ্মে হোম আইচ'লেচনত ৰখা হৈছে । ইফালে পাঁচগৰাকী আক্ৰান্তক ক'ভিড হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।
এই তথ্য প্ৰকাশ কৰিলে ৰঙিয়া মহকুমা ৰেপিড এণ্টিজেন টেষ্ট কেন্দ্ৰসমূহৰ তথ্য প্ৰৱন্ধক গীতালি কলিতাই । উল্লেখ্য যে, ৰঙিয়াত বৰ্তমানলৈকে ক'ভিড-১৯ ত আক্ৰান্ত হৈ ১০ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্তৰ সংখ্যা ৬৫৫ গৰাকী অতিক্ৰম কৰিলে ।