ETV Bharat / state

No electricity in Rangia : বিদ্যুৎ বিভাগৰ অৱহেলা; বিগত পাঁচ দিনে অন্ধকাৰত ডুবি আছে ৰঙিয়াৰ ১০ নং ৱাৰ্ডৰ তটাৰকুছি অঞ্চল

author img

By

Published : Aug 10, 2023, 8:06 PM IST

পাঁচ দিনে অন্ধকাৰত থাকিব লগা হৈছে ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ তটাৰকুছি অঞ্চলৰ ৰাইজ ৷ ৰঙিয়াৰ ১ নং বৈদ্যুতিক উপ সংমণ্ডলৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে ৰঙিয়াৰ এটা অঞ্চল উৎকট গৰমত দহিব লগা হৈছে ৷

Regularizing of Electricity Supply
ৰঙিয়াৰ ১ নং বৈদ্যুতিক উপ সংমণ্ডলৰ চৰম দায়িত্বজ্ঞানহীনতা
বিদ্যুৎ বিভাগৰ অৱহেলা

ৰঙিয়া, 10 আগষ্ট : বিতৰ্কৰ অন্ত নাই ৰঙিয়াৰ বিদ্যুৎ বিভাগৰ ৷ এইবাৰ ৰঙিয়াৰ ১ নং বৈদ্যুতিক উপ সংমণ্ডলৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে ৰঙিয়াৰ এটা অঞ্চল উৎকট গৰমত দহিব লগা হৈছে ৷ যোৱা পাঁচ দিনে অন্ধকাৰত থাকিব লগা হৈছে ৰঙিয়া নগৰৰ ১০ নং ৱাৰ্ডৰ তটাৰকুছি অঞ্চলৰ ৰাইজ ৷

পাঁচদিন পূৰ্বে অঞ্চলটোত বিদ‍্যুৎ পৰিবাহী তাঁৰৰ এটা খুঁটা ওভালি পৰে ৷ যাৰ ফলত বৈদ্যুতিক খুঁটাটোৰ তাঁৰ সমুহ ছিগি যায় আৰু বিদ‍্যুৎ বিভাগে অঞ্চলটোৰ বিদ‍্যুৎ যোগান কৰ্তন কৰে ৷ তাৰ পিছৰে পৰা বৰ্তমানলৈ অঞ্চলটোত বিদ‍্যুৎ যোগান সম্পূৰ্ণৰূপে ব্যাহত হৈ আছে ৷

এই উৎকট গৰমতো যোৱা পাঁচ দিনে বিদ্যুৎ সংযোগ দিব নোৱাৰিলে বিদ্যুৎ বিভাগে ৷ সেয়েহে এতিয়া বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ ইফালে বিদ্যুৎ বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে অঞ্চলটোৰ বহু পৰিয়াল ৷ যি সময়ত আধুনিক জীৱন যাত্ৰাত প্ৰতিটো খোজতে বিদ‍্যুৎ অবিহনে মানুহ চলিব নোৱাৰা হৈছে তেনে সময়তে পাঁচ দিন বিদ‍্যুৎ কৰ্তনৰ ফলত অঞ্চলটোৰ পৰিয়াল কেইটাৰ দৈনন্দিন জীৱন প্ৰণালীত যথেষ্ট বাধা আহি পৰিছে ৷

উৎকট গৰমত অতীষ্ঠ হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজে ম’বাইল সমূহ চাৰ্জ কৰাকে আদি কৰি বিভিন্ন বৈদ্যুতিক উপকৰণ চলাব পৰা নাই ৷ ইয়াৰ উপৰিও ছাত্র-ছাত্ৰী সকলৰ অধ‍্যয়নৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে ৰাইজে বিদ‍্যুৎ বিভাগৰ লগত কেইবাবাৰো যোগাযোগ কৰিছে যদিও বিভাগে সমস্যা সমাধানৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ৰাইজে জনোৱা অনুসৰি বিভাগৰ কৰ্মচাৰীয়ে আজি যাম, কালি যাম বুলি ৰাইজক আভুৱা ভাৰি আছে ৷ সেয়েহে ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে বিদ‍্যুৎ বিভাগক এই সমস্যা শী্ঘ্ৰেই সমাধানৰ বাবে দাবী জনাইছে ৷

লগতে পঢ়ক : Price hike in Assam: দামবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে বিজেপিক গাদী এৰাৰ দাবী তৃণমূল কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.