ETV Bharat / state

ৰঙিয়াত শ্ৰমিক আইন উলংঘা - উলংঘা

ৰঙিয়াৰ মৰাণজানৰ ঔদ্যোগিক পামত উলংঘা শ্ৰমিক আইন ৷ ঔদ্যোগিক পামসমূহত নাই শ্ৰমিকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা ৷ কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা ঘটনাৰ পিছত উদ্যোগ কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি অভিযোগ ৷ শ্ৰমিক আইনৰ উলংঘাৰ বাবে এক উচিত তদন্তৰ দাবী জনাইছে ৰঙিয়াৰ শ্ৰমিক সমাজে ৷

ৰঙিয়াত শ্ৰমিক আইন উলংঘা
author img

By

Published : Aug 24, 2019, 2:53 PM IST

ৰঙিয়া, 24 আগষ্টঃ ৰঙিয়াৰ মৰাণজানৰ ঔদ্যোগিক পামত উলংঘা শ্ৰমিক আইন৷ শ্ৰমিকৰ ওপৰত অতিৰিক্ত হেচাঁ প্ৰয়োগ মালিক পক্ষৰ ৷ শ্ৰম বিভাগৰ নিয়ম অনুসৰি শ্ৰমিকে দিনত 8 ঘণ্টাহে কৰ্মত নিয়োজিত কৰাব পাৰে কিন্তু মৰাণজানত শ্ৰমিকক 12 ঘণ্টাকৈ নিয়োজিত কৰোৱাৰ প্ৰতিবাদত জাঙুৰ খাই উঠে শ্ৰমিক সন্থা ৷ ঔদ্যোগিক পামসমূহত নাই শ্ৰমিকৰ বাবে পৰ্যাপ্ত পৰিমাণৰ সা-সুবিধা ৷ শ্ৰমিকসকলে অতি বিপদজনকভাৱে নিজৰ কাম কৰিবলগীয়া হৈছে ৷ আজি কিছুদিন পূৰ্ব্বে কৰ্মৰত অৱস্থাত এজন শ্ৰমিক বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা ঘটনাৰ পিছত উদ্যোগ কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি অভিযোগ উত্থাপিত হৈছে ৷ জয়বাবা নামৰ উদ্যোগটোত এই ঘটনা সংঘটিত হোৱাৰ পিছত প্ৰায় অৰ্ধ-শতাধিক শ্ৰমিকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল ৷ ইয়াৰোপৰি শ্ৰমিকসকলৰ ওপৰত অকথ্য মানসিক নিৰ্যাতন চলোৱাৰ কথা ব্যক্ত কৰে শ্ৰমিক পক্ষই ৷ শ্ৰমিক আইনৰ উলংঘাৰ বাবে এক উচিত তদন্তৰ দাবী জনাইছে ৰঙিয়াৰ শ্ৰমিক সমাজে ৷

Intro:উদ‍্যোগ পামত উলঙ্ঘা কৰা হৈছে শ্ৰমিক আইনৰBody:ৰঙিয়াৰ মৰাণজানাৰ
ঔদ্যোগিক পামত চলিছে গুণ্ডাৰাজ ।গুৰু-গোসাই নামানা হৈছে কোম্পানীৰ মালিক পক্ষই । ধোৱা চাঙত উঠিছে শ্ৰমিক আইন। শ্ৰমিক হোৱা বাবেই নিৰ্ধাৰিত সময়তকৈ বহু বেছি কৰিব লাগে কাম। কোনোবাই প্ৰতিবাদ কৰিলেই লগে লগে কৰ্মৰ পৰা চাটাই কৰা হয়। এনেদৰেই শ্ৰমিক সকলক চলাই আহিছে শোষণ । শ্ৰম বিভাগৰ নীতি নিয়ম মতে শ্ৰমিক সকলক ৮ ঘণ্টাহে কৰ্মত নিয়োজিত কৰিব লাগে যদিও মৰাণজানাৰ প্ৰায় ভাগ ঔদ্যোগিক পামত নিয়ম মানি চলা নাই উদ্যোগৰ কৰ্তৃপক্ষই। ৮ ঘণ্টাৰ ঠাইত শ্ৰমিকসকলে ১২ ঘণ্টা লৈকে কাম কৰিব লাগে। ইয়াৰ উপৰিও শ্ৰমিক সকলৰ নাই কোনো বীমা আচনি। কেবল ইমানেই নহয়, ঔদ্যোগিক পামত থকা জয়বাবা উদ্যোগটো আৰু এখোপ চৰা। কোনো ধৰণৰ সুৰক্ষা সম্বলিত সজুলি নোহোৱাকৈ বিপদজ্বনক ভাবে শ্ৰমিক সকলে এই উদ‍্যোগটোত কাম কৰিব লাগে । যাৰ ফলত উদ্যোগ টোত বৃদ্ধি পাইছে দুৰ্ঘটনাৰ সংখ্যা । শ্ৰমিক আহত হলেও কৰ্তৃপক্ষই নিনিয়ে চিকিৎসা লয়লৈ। পানী এটুপি খাবলৈ গলেও শুনিব লগা হয় অকথ্য গালি গালাজ । কিছুদিন পূৰ্বে শ্ৰমিক এজন আহত হোৱাক লৈ উদ্যগটোত এক উত্তপ্ত পৰিস্থিতিৰো সৃষ্টি হৈছিল । কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ আহত হোৱা শ্ৰমিক এজনক উদ্যোগ কৰ্তৃপক্ষই চিকিৎসাৰ ক্ষেত্ৰত অৱহেলা কৰা বুলি অভিযোগ উত্থাপন কৰি অৰ্ধ শতাধিক শ্ৰমিকে চিলভাৰৰ সামগ্ৰী উৎপাদন কৰা উদ্যোগটোত প্ৰতিবাদ কৰিছিল। শ্ৰমিকজন বহু সময় ধৰি আহত হৈ ছটফটাই থকাৰ পিছতো উদ্যোগ কৰ্তৃপক্ষই কোনো ব্যৱস্থা কৰা নাই বুলি অভিযোগ উৎত্থাপিত হৈছিল। শ্ৰমিক আইন উলংঘা কৰা এই উদ্যোগটোৱে এনেদৰে নিম্নতম সা-সুবিধাৰ পৰাও বঞ্চিত কৰি শ্ৰমিকক শোষণ কৰি আহিছে ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.