ETV Bharat / state

Russia-Ukraine crisis : ইউক্ৰেইনত আৱদ্ধ ৰঙিয়াৰ মনিষা - ইউক্ৰেইনত আৱদ্ধ ৰঙিয়াৰ মনিষা

অশান্ত জৰ্জৰ যুদ্ধ বিধ্বস্ত ইউক্ৰেইন(Russia Ukraine crisis)ত বৰ্তমানো আবদ্ধ ভাৰত তথা অসমৰ কেইবাগৰাকীও ৷ তাৰ ভিতৰত আছে ৰঙিয়া মনিষা ৱাহিদ ৷ মনিষাক নিজ মাতৃভূমিলৈ উভতাই অনাৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ কাতৰ আহ্বান মনিষাৰ পিতৃ-মাতৃৰ ৷

Russia Ukraine crisis
ইউক্ৰেইনত আৱদ্ধ ৰঙিয়াৰ মনিষা
author img

By

Published : Feb 27, 2022, 10:58 PM IST

ৰঙিয়া, 27 ফেব্ৰুৱাৰী : ইউক্ৰেইনত আৱদ্ধ ৰঙিয়া এগৰাকী যুৱতী (Manisha trapped in Ukraine) । ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ পিছৰে পৰা ইউক্ৰেইন(Russia Ukraine crisis) আৱদ্ধ হৈ আছে উজ হৰ্ট নেচনেল ইউনিভাৰ্চিটিৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰী তথা ৰঙিয়াৰ যুৱতী মনিষা ৱাহিদ । জীৱন ৰক্ষা কৰাৰ উদ্দেশ্যে ঘৰৰ ভিতৰতে নিজকে কেইবাদিনো ধৰি আৱদ্ধ কৰি ৰাখিছে মনিষা ।

খাদ্যৰ অভাৱত এসাঁজ খাই এসাঁজ লঘোনে থাকিবলৈ বাধ্য হৈছে অসমৰ পৰা যোৱা প্ৰায় ডেৰ শতাধিক ছাত্ৰ-ছাত্ৰী । জানিব পৰা মতে, ধনৰ সংকটে দেখা দিছে ইউক্ৰেইনত । মৰণক শৰণ কৰি বেংকৰ এটিএমলৈ টকা বিচাৰি গৈছে বহু লোকে । কিন্তু টকা বিচাৰিলেও এটিএমৰ পৰা লাভ কৰিছে এদিনত পাঁচশ টকাৰ পৰা মাত্ৰ এহেজাৰ টকা ।

ইউক্ৰেইনত আৱদ্ধ ৰঙিয়াৰ মনিষা

বহু লোকে প্ৰাণৰ মমতাত লঘোনে থাকিবলৈ বাধ্য হৈছে ।

চকুৰ সন্মুখতে বিস্ফোৰণ ঘটি জ্বলি উঠিছে এটা এটা অঞ্চল । বিভিন্ন দেশৰ লগতে ভাৰত তথা উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলেও নিজৰ মাতৃ ভূমিলৈ উভতিব বিচাৰিছে । ৰে’ল ষ্টেচন-বিমানবন্দৰত হেতা-উপৰা লাগিছে হেজাৰ হেজাৰ লোকৰ । প্ৰাণৰ মমতাত কান্দি কান্দি ঘৰলৈ উভতিব বিচাৰিছে যদিও বিফল হৈছে ।

উল্লেখ্য যে, বিগত চাৰি বছৰৰ পৰা মণিষাই অধ্যয়ন কৰি আছে ইউক্ৰেইনত । ভাৰত চৰকাৰ তথা অসম চৰকাৰলৈ কাতৰ আহ্বান নিজ মাতৃভূমিলৈ উভতাই অনাৰ ক্ষেত্ৰত অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক চৰকাৰে ৷

লগতে পঢ়ক : Russia Ukraine conflict: সুকলমে স্বদেশ পালেহি আৰু চাৰি অসমৰ ছাত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.