ETV Bharat / state

পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া - পুঠিমাৰী নৈৰ বাঢ়নী পানী

21 দিনৰ পূৰ্বে মেৰামতি কৰা পথ পুনৰ ক্ষতিগ্ৰস্ত হৈ পৰে শুকুৰবাৰৰ বানত ৷ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷

পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া
পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া
author img

By

Published : Jul 31, 2020, 4:54 PM IST

ৰঙিয়া, 31 জুলাইঃ শুকুৰবাৰে পুনৰ বানৰ কবলত পৰে ৰঙিয়া চহৰৰ লগতে ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকা সমূহ ৷ হঠাৎ পুনৰ পুঠিমাৰী নৈৰ ভগ্ন মথাউৰিৰে বৈ অহা পানীয়ে প্লাৱিত কৰিছ পেলাইছে অঞ্চল সমূহ ৷

নেৰানেপেৰা বৰষুণৰ ফলত পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাইছে ৰাস্তা-ঘাট,ঘৰ-দুৱাৰ ৷ সংহাৰী ৰূপ ধাৰণ কৰা এই বানে ৰঙিয়াৰ মহকুমাধিপতি পথৰ এটা অংশ উটুৱাই নিয়ে ৷ যাৰ বাবে এক বৃহত্তৰ অঞ্চলৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷

পুঠিমাৰী নৈৰ বানত পুনৰ জলমগ্ন ৰঙিয়া

উল্লেখযোগ্য যে ২১ দিন পূৰ্বেও পুঠিমাৰী নৈৰ মথাউৰি ভাঙি সৃষ্টি হোৱা প্ৰলয়ংকৰী বানত এই পথটো ভাঙি গৈছিল ৷ পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙিয়াৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ অহাৰ পূৰ্বে ততাতৈয়াকৈ চিঙি যোৱা পথটো নামমাত্ৰ মেৰামতি কৰি কোনোমতে চলাচল কৰাৰ ব্যৱস্থা কৰিছিল প্ৰশাসনে ৷ কিন্তু শুকুৰবাৰে পুনৰ পুঠিমাৰীৰ ভগ্ন মথাউৰিটোৰে প্ৰবল সোঁতত পানী বৈ অহাত জলমগ্ন হৈ পৰে ৰঙিয়াৰ অধিকাংশ অঞ্চল আৰু এই পথছোৱা পুনৰ ক্ষতিগ্ৰস্ত হয় ৷ আনকি যাতায়ত ব্যৱস্থাও ব্যাহত হৈ পৰে।

আনহাতে ৰঙিয়াৰ নগৰৰ আন গড়কাপ্তানী পথবোৰৰ ওপৰতো এককাল পানী ৷ সম্প্ৰতি নগৰখনৰ বহু ঠাইত যাতায়ত বন্ধ হৈ পৰিছে ৷ বেছিভাগ চৰকাৰী অফিচ-কাচাৰী,চিকিৎসালয় সকলো পানীৰ তলত ৷ ইপিনে ৰঙিয়াৰ কাউৰবাহা,মাদৈকতা,জানোপাৰ,ধেপাৰগাঁও,বগৰিবাৰী আদি অঞ্চল যোৱা কেইবাদিনো বানত ককবকাই আছে ৷

লগতে পঢ়কঃ বৈশ্বিক পৰ্যটনৰ বাবে কোনো সময়সীমা নাই, বৃদ্ধি পাব ভ্ৰমণৰ খৰছ- বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.