ETV Bharat / state

ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Mar 26, 2021, 9:50 PM IST

মহাজোঁটক ক্ষুৰধাৰ সমালোচনা কৰি মুখ‍্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে এআইইউডিএফ আৰু বামপন্থীৰ লগ লাগিছে এটামাত্ৰ কাৰণত - অবৈধ বিদেশীক সুৰক্ষা প্ৰদান কৰাৰ বাবে। সকলো ধৰণৰ বৈধ নাগৰিক হিন্দু মুছলমান খ্ৰীষ্টান জৈন শীখ আদি ধৰ্মৰ লগতে মাৰোৱাৰী বিহাৰী নেপালী আদি বিভিন্ন ধৰ্ম আৰু ভাষা ভাষীৰ নাগৰিকক বিজেপি চৰকাৰে নিৰাপত্তা প্ৰদান কৰিছে বুলি দাবী কৰে মুখ‍্যমন্ত্ৰী গৰাকীয়ে।

ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ৰঙিয়া,26 মাৰ্চঃ ৰঙিয়াত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হ'ল অসমৰ মুখ‍্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজন কৰা বিশাল সভাত অংশগ্ৰহণ কৰিলে মুখ‍্যমন্ত্ৰীয়ে । বিগত কাৰ্য‍কালৰ কৰ্মৰ খতিয়ান দাঙি ধৰি সৰ্বানন্দ সোণোৱালে উপস্থিত ৰাইজৰ ওচৰত ভোট ভিক্ষা খোজে ।

লগতে অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি কয় যে, যদি বিজেপি পুনৰ শাসনৰ গাদীলৈ আহে তেন্তে আগন্তুক কাৰ্য‍কালত 30 লাখ মহিলাক মাহেকত 3000 টকা সাহাৰ্য প্ৰদান কৰাৰ লগতে 10 লাখ নিবনুৱাক সংস্থাপিত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে । মহাজোঁটক ক্ষুৰধাৰ সমালোচনা কৰি মুখ‍্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছে এআইইউডিএফ আৰু বামপন্থীৰ লগ লাগিছে এটামাত্ৰ কাৰণত-অবৈধ বিদেশীক সুৰক্ষা প্ৰদান কৰাৰ বাবে । সকলো ধৰণৰ বৈধ নাগৰিক হিন্দু মুছলমান খ্ৰীষ্টান জৈন শীখ আদি ধৰ্মৰ লগতে মাৰোৱাৰী বিহাৰী নেপালী আদি বিভিন্ন ধৰ্ম আৰু ভাষা-ভাষীৰ নাগৰিকক বিজেপি চৰকাৰে নিৰাপত্তা প্ৰদান কৰিছে বুলি দাবী কৰে মুখ‍্যমন্ত্ৰী গৰাকীয়ে ।

কেইবা সহস্ৰাধিক লোক উপস্থিত হোৱা সভাখনত মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, ভুৱনেশ্বৰ কলিতা, দিল্লীৰ প্ৰাক্তন বিধায়ক নীল দমন ক্ষত্ৰীৰ লগতে অগপ দলৰ অৰ্ণৱ ভৰালী প্ৰমুখ্যে কেইবাগৰাকীও নেতা উপস্থিত থাকে।

লগতে পঢ়ক: বতৰে কি প্ৰভাৱ পেলাব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.