ৰঙিয়া,১০ এপ্ৰিল: শেহতীয়াকৈ ৰেল যাত্ৰাৰ কেইটামান বিশেষ ভিডিঅ'ই চৰ্চা লাভ কৰিছে সমগ্ৰ অসমতে । একাংশ লোকে সামাজিক মাধ্যমত ভিডিঅ' কেইটা ভাইৰেল কৰা দেখা গৈছে । য'ত একাংশ যাত্ৰীয়ে অতি ভয়ংকৰভাৱে ৰেলত যাত্ৰা কৰা দেখিবলৈ পোৱা গৈছে । বিশেষকৈ সেই যাত্ৰীসকল অসমৰ বুলিও কৈছে একাংশ লোকে । তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ।
কিন্তু এই ভিডিঅ' কেইটা সন্দৰ্ভত স্পষ্টীকৰণ দিলে ৰঙিয়া ৰেলৱে মাণ্ডলিক প্ৰৱন্ধক ভি এ মালেগাওকাৰে । এক সংবাদমেলযোগে তেওঁ কয় যে সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ'বোৰ বৰ্তমানৰ নহয় । ৰাইজক বিভ্ৰান্ত কৰাৰ বাবে কোনো দুষ্টচক্ৰই কিছুমান পুৰণি ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল কৰা বুলি বিষয়া গৰাকীয়ে মন্তব্য কৰে ।
তেওঁ কয় যে বহি:ৰাজ্যৰ পৰা এক বিশৃংখল পৰিৱেশৰ মাজেৰে ৰেলত বহু যাত্ৰী অসমলৈ অহাৰ এক দৃশ্য ভিডিঅ'বোৰত দেখুওৱা হৈছে । প্ৰৱন্ধক গৰাকীয়ে যাত্ৰী তথা ৰাইজক এনেধৰণৰ ভিডিঅ' অথবা উৰাবাতৰিকলৈ ভয় তথা গুৰুত্ব প্ৰদান নকৰিবলৈ আহ্বান জনায় ৷
উত্তৰ-পূৱ সীমান্ত ৰেলৱে সদায় যাত্ৰীৰ সেৱাৰ বাবে সাজু বুলি সংবাদ মাধ্যমত সদৰি কৰে বিষয়াগৰাকীয়ে ৷ ইফালে বৰ্তমান ৰেল বিভাগে চলি থকা যাত্ৰীবাহী ৰেল সেৱা বন্ধ কৰা সন্দৰ্ভতো কোনো ধৰণৰ চিন্তা কৰা নাই বুলি অৱগত কৰে প্ৰৱন্ধক গৰাকীয়ে।