ETV Bharat / state

ৰঙিয়াত পদপথ-নলা নিৰ্মাণৰ নামত ভেঁকোভাওনা - ৰঙিয়াত পদপথ

ৰঙিয়াত পৌৰসভাৰ কামে হাৰাশাস্তি ভোগাইছে ৰাইজক । শিৱ মন্দিৰলৈ যোৱা পথত ৰঙিয়া থানাৰ সমীপত নলা আৰু পদপথ নিৰ্মাণৰ কাম অসম্পূৰ্ণ হৈ থকাৰ বাবে এতিয়া যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে অঞ্চলবাসীয়ে । ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ ।

Rangia drain issue
ৰঙিয়াত পদপথ আৰু নলা নিৰ্মাণৰ নামত ঠিকাদাৰৰ হেমাহি
author img

By

Published : Apr 30, 2021, 5:09 PM IST

ৰঙিয়া, ৩০ এপ্ৰিল: মৰণফান্দ সদৃশ হৈ পৰিছে ৰঙিয়া নগৰৰ পদপথ । পৌৰসভাই কামৰ দায়িত্ব দিয়া ঠিকাদাৰে পথৰ কাম সম্পূৰ্ণ নকৰাৰ বাবে হাৰাশাস্তি ভূগিছে পথচাৰীয়ে । যোৱা ১০ ফেব্ৰুৱাৰীত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই SOPDৰ অধীনত পথটিৰ উন্নীতকৰণৰ বাবে আধাৰশিলা স্থাপন কৰিছিল ।

ৰঙিয়াত পদপথ আৰু নলা নিৰ্মাণৰ নামত ঠিকাদাৰৰ হেমাহি

ঠিকাদাৰে পদপথ আৰু নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিলে ঠিকেই । কিন্তু কাম আধাতে এৰি এতিয়া বিপদত পেলাইছে অঞ্চলবাসীক । ওণ্ড অন টি ৰোডৰ পৰা শিৱ মন্দিৰলৈ যোৱা পথত ৰঙিয়া থানাৰ সমীপত উক্ত পথটোৰ সৈতে সংযুক্ত দুটাকৈ উপ-পথেৰে যাতায়াত বৰ্তমান ব্যাহত হৈ পৰিছে ।

কিয়নো পথটো আৰু উপ-পথকেইটাৰ সংযোগস্থলী নলা নিৰ্মাণৰ বাবে খন্দাৰ পিছত এতিয়াও উন্মুক্ত হৈ আছে আৰু পদপথো নিৰ্মাণ কৰা নাই । গতিকে উক্ত পথেৰে যাতায়াত কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে অঞ্চলবাসী ।

পথটো বন্ধ হৈ থকাৰ বাবে বহু লোক আধা বাটৰ পৰা উভতিবলৈ বাধ্য হৈছে । ঠিকাদাৰৰ এনে দায়িত্বহীন কাণ্ডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । শীঘ্ৰে পথৰ কাম সম্পূৰ্ণ কৰিবলৈও ৰাইজে আহ্বান জনাইছে ।

লগতে পঢ়ক:কলিয়াবৰৰ পথ দুৰ্ঘটনাত থিতাতে নিহত ট্ৰাক চালক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.