ৰঙিয়া,28 জুলাইঃ ৰঙিয়াৰ খন্দিকৰত দেওবাৰে পুৱতি নিশা বোমা উদ্ধাৰকলৈ উত্তপ্ত পৰিস্থিতি । সেনা বাহিনীয়ে আৰক্ষীৰ সহযোগত খন্দিকৰৰ তাৰিফুল আলীৰ ঘৰত বোমা উদ্ধাৰ কৰে । ইফালে বোমা উদ্ধাৰৰ নাটক কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে । এই অভিযোগ-প্ৰতিঅভিযোগৰ মাজত এতিয়া ৰঙিয়াত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা । ঘটনাৰ পাচতেই অঞ্চলটোৰ পুৰুষ-মহিলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । টেম্প' চলায় জীৱিকা নিৰ্বাহ কৰা খন্দিকৰৰ তাৰিফুল নামৰ যুৱকজনৰ ঘৰত বোমা উদ্ধাৰ হোৱা ঘটনাক নাটক বুলি সন্দেহ কৰে প্ৰতিবাদী ৰাইজে । বোমা উদ্ধাৰ হোৱা ঘৰটো সেনা বাহিনীয়ে ঘেৰাও কৰি ৰখাৰ লগতে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়ে । আনহাতে যুৱকজনক নিৰীহ আখ্যা দি অঞ্চলটোৰ লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিয়ালটোৰ মহিলা সদস্যা সকল শোকত ভাগি পৰি অচেতন হৈ যোৱাত হাস্পতাললৈ নিব লগা হয় । আনফালে পথ অৱৰোধ কৰি ভাৰতীয় সেনা গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । নিৰীহ যুৱকজনৰ বিৰুদ্ধে দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে সেনাক ব্যৱহাৰ কৰা বুলি সন্দেহ কৰে । আনহাতে বোমাটো নিষ্ক্ৰিয় কৰাৰ বাবে anti bomb squad ৰ দল উপস্থিত হৈ বোমাটো নিষ্ক্ৰিয় কৰাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে ।
ৰঙিয়াত বোমা উদ্ধাৰক লৈ উত্তেজনা : পথ অৱৰোধ - বোমা উদ্ধাৰ
দেওবাৰে পুৱা ৰঙিয়াৰ খন্দিকৰত বোমা উদ্ধাৰক লৈ সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ সেনাৰ বোমা উদ্ধাৰৰ নাটক আখ্যা দি স্থানীয় ৰাইজে সাব্যস্ত কৰে প্ৰতিবাদ ৷
ৰঙিয়া,28 জুলাইঃ ৰঙিয়াৰ খন্দিকৰত দেওবাৰে পুৱতি নিশা বোমা উদ্ধাৰকলৈ উত্তপ্ত পৰিস্থিতি । সেনা বাহিনীয়ে আৰক্ষীৰ সহযোগত খন্দিকৰৰ তাৰিফুল আলীৰ ঘৰত বোমা উদ্ধাৰ কৰে । ইফালে বোমা উদ্ধাৰৰ নাটক কৰা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে । এই অভিযোগ-প্ৰতিঅভিযোগৰ মাজত এতিয়া ৰঙিয়াত সৃষ্টি হৈছে তীব্ৰ উত্তেজনা । ঘটনাৰ পাচতেই অঞ্চলটোৰ পুৰুষ-মহিলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । টেম্প' চলায় জীৱিকা নিৰ্বাহ কৰা খন্দিকৰৰ তাৰিফুল নামৰ যুৱকজনৰ ঘৰত বোমা উদ্ধাৰ হোৱা ঘটনাক নাটক বুলি সন্দেহ কৰে প্ৰতিবাদী ৰাইজে । বোমা উদ্ধাৰ হোৱা ঘৰটো সেনা বাহিনীয়ে ঘেৰাও কৰি ৰখাৰ লগতে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়ে । আনহাতে যুৱকজনক নিৰীহ আখ্যা দি অঞ্চলটোৰ লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিয়ালটোৰ মহিলা সদস্যা সকল শোকত ভাগি পৰি অচেতন হৈ যোৱাত হাস্পতাললৈ নিব লগা হয় । আনফালে পথ অৱৰোধ কৰি ভাৰতীয় সেনা গ' বেক ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে । নিৰীহ যুৱকজনৰ বিৰুদ্ধে দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে সেনাক ব্যৱহাৰ কৰা বুলি সন্দেহ কৰে । আনহাতে বোমাটো নিষ্ক্ৰিয় কৰাৰ বাবে anti bomb squad ৰ দল উপস্থিত হৈ বোমাটো নিষ্ক্ৰিয় কৰাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে ।
ৰঙিয়াৰ খন্দিকৰত দেওবাৰে পুৱতি নিশা বোমা উদ্ধাৰকলৈ উত্তপ্ত পৰিস্থিতি । সেনা বাহিনীয়ে আৰক্ষীৰ সহযোগত খন্দিকৰৰ তাৰিফুল আলীৰ ঘৰত বোমা উদ্ধাৰ কৰে । ইফালে বোমা উদ্ধাৰৰ নাটক কৰা বুলি স্থানীয় ৰাইজৰ অভিযোগ কৰে । এইলৈ অঞ্চলটোত তীব্ৰ উত্তেজনা । পুৰুষ-মহিলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । টেম্প' চলাই জীৱিকা নিৰ্বাহ কৰা খন্দিকৰৰ তাৰিফুল নামৰ যুৱকজনৰ ঘৰত বোমা উদ্ধাৰ হোৱা ঘটনাক নাটক বুলি সন্দেহ কৰে প্ৰতিবাদী ৰাইজে । বোমা উদ্ধাৰ হোৱা ঘৰটো সেনা বাহিনীয়ে ঘেৰাও কৰি ৰখাৰ লগতে অন্য লোকৰ প্ৰৱেশ নিষিদ্ধ কৰি দিয়ে । আনহাতে যুৱকজনক নিৰীহ আখ্যা দি অঞ্চলটোৰ লোকসকলে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । পৰিয়ালটোৰ মহিলা সদস্যা সকল শোকত ভাগি পৰি অচেতন হৈ যোৱাত হস্পিতললৈ নিব লগা হয় । আনফালে পথ অৱৰোধ কৰি ভাৰতীয় সেনা গ' বেক ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে । নিৰীহ যুৱকজনৰ বিৰুদ্ধে দুষ্ট চক্ৰই ষড়যন্ত্ৰমূলকভাৱে সেনাক ব্যৱহাৰ কৰা বুলি সন্দেহ কৰে । আনহাতে বোমাটো নিষ্ক্ৰিয় কৰাৰ বাবে anti bomb squad ৰ দল উপস্থিত হৈ বোমাটো নিষ্ক্ৰিয় কৰাৰ চেষ্টা কৰা বুলি জানিব পৰা গৈছে ।
Bite:-public
Conclusion: