ৰঙিয়া, 15 এপ্ৰিল: মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাই আজি কেইবাহাজাৰ সমৰ্থকৰে ৰঙিয়াৰ বিজুলী নগৰৰ পৰা এক বাইক ৰেলী উলিয়াই ৰঙিয়া আৰু কমলপুৰ বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰে। ভুৱনেশ্বৰ কলিতাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব'ৰে আলোড়ন সৃষ্টি কৰিব বিচাৰিলেও কংগ্ৰেছৰ বাইক ৰেলীয়ে বেছি আলোড়নৰ সৃষ্টি কৰা বুলি উল্লেখ কৰে ৷ কলিতাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো তীব্ৰ ভাষাৰে সমালোচনা কৰি পূৰ্বে মোডীৰ সভাত লাখ লাখ মানুহ হোৱাৰ বিপৰীতে বৰ্তমান এই সংখ্যা কেইহাজাৰমান লোকলৈ হ্ৰাস পাইছে বুলি কটাক্ষ কৰে ।
ভুৱনেশ্বৰ কলিতাই লগতে বৰ্তমান জনতাই বিজেপি চৰকাৰক বিদায় দিবলৈ ওলোৱা বুলি উল্লেখ কৰি কংগ্ৰেছৰ 70 বছৰৰ কথাতকৈ ৰাইজে যোৱা 5 বছৰত বিজেপি চৰকাৰে কি কৰিলে তাৰ হিচাপ লোৱা বুলি মন্তব্য কৰে । তেওঁ লগতে এইবাৰ নিৰ্বাচনত ৰাইজে কংগ্ৰেছক বিপুল ভোটত জয়ী কৰোৱাটো নিশ্চিত বুলি দাবী কৰে৷