ৰঙিয়া,10 মাৰ্চ: সোমবাৰে নিশা ৰঙিয়াত ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনৰ গাড়ী দুৰ্ঘটনাগ্ৰস্ত হয়। দুই সহযোগীৰ সৈতে নিশা AS-01-EJ-8002 নম্বৰৰ চাৰিচকীয়া বাহন এখনেৰে গৈ থকা অৱস্থাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত দুৰ্ঘটনাগ্ৰস্ত হয় ৷ AS-25-CC-3071 নম্বৰৰ এখন বাহনে আগভেটী ধৰি প্ৰাৰ্থী গৰাকীৰ বাহনখনত প্ৰচণ্ডজোৰে খুন্দা মাৰে ৷ যাৰ ফলত ক্ষতিগ্ৰস্ত হয় হৰেশ্বৰ বৰ্মনৰ বহনখন ৷
মঙলবাৰে ঘটনা সন্দৰ্ভত প্ৰাৰ্থী গৰাকীয়ে ৰঙিয়া থানাত এখন এজাহাৰ দাখিল কৰে ৷ এই দুৰ্ঘটনাৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰে প্ৰাৰ্থী হৰেশ্বৰ বৰ্মনে ৷
লগতে পঢ়ক: বিধানসভা নিৰ্বাচন: প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব 456 প্ৰাৰ্থীয়ে