ETV Bharat / state

লোকে লোকাৰণ্য তৰণী ৰাস মহোৎসৱস্থলী

কৰ'ণা মহামাৰীৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনী বন্ধ ৰাখে ৰাস কমিটিয়ে ।

raas celebration at rangia
লোকে লোকাৰণ্য তৰণী ৰাস মহোৎসৱস্থলী
author img

By

Published : Nov 30, 2020, 3:19 PM IST

ৰঙিয়া, 30 নৱেম্বৰ: ৰঙিয়াৰ তৰণীত দেওবাৰৰ পৰা আৰম্ভ হয় ৰাস মহোৎসৱ । ক’ভিড প্ৰটকলৰ মাজত ৰাসৰ আৰম্ভণিৰ দিনাই লোকে লোকাৰণ্য হৈ পৰে তৰণী ৰাস মহোৎসৱস্থলী । অসংখ্য ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত বিশিষ্ট সমাজকৰ্মী কামিনী ভূঞাই দ্বাৰ উন্মোচন কৰি ৰাস মহোৎসৱখন মুকলি কৰে । ৰাস মহোৎসৱখন উদ্বোধনৰ পিছতেই আতচবাজী আৰু টোপধ্বনিৰ শব্দত ৰজনজনাই যায় মহোৎসৱস্থলী । সকলোৱে উপভোগ কৰে আতচবাজী ।

raas celebration at rangia
লোকে লোকাৰণ্য তৰণী ৰাস মহোৎসৱস্থলী

উল্লেখযোগ্য যে, এইবাৰ ক’ৰণা মহামাৰীৰ বাবে ভগৱান শ্ৰীকৃষ্ণৰ বিভিন্ন লীলাৰ মৃন্ময় মূৰ্তিৰ প্ৰদৰ্শনী বন্ধ ৰাখে ৰাস কমিটিয়ে । ৰঙিয়াৰ লগতে বিভিন্ন অঞ্চলৰ ভক্তসকলে ৰাস মহোৎসৱৰ উদ্ধোধনী অনুষ্ঠান উপভোগ কৰাৰ উপৰি চাকি জ্বলাই সকলোৰে মঙ্গল কামনা কৰে । ৰাস উদ্ধোধনৰ সময়ত জনসমুদ্ৰৰ বাবে ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হৈ পৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক পদত্যাগৰ দাবী লাচিত সেনাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.