ৰঙিয়া,3 ছেপ্তেম্বৰঃ গড়কাপ্তানী বিভাগলৈ বাট নাচাই নিজেই পথ মেৰামতি কৰিলে ৰঙিয়াৰ এগৰাকী যুৱকে । পেচাত এগৰাকী ব্যৱসায়ী আব্দুৰ ৰৌফ খানৰ ঘৰ ৰঙিয়াৰ খন্দিকৰত। বগৰীবাৰীৰ মথাউৰি ছিঙি হঠাতে অহা বানত ঘৰৰ সন্মুখৰ সদায় অহা যোৱা কৰা পথটো নষ্ট হৈ গৈছিল । নিজৰ লগতে ৰাইজৰো যাতায়তৰ বাবে যথেষ্ট কষ্ট হোৱা লক্ষ্য কৰি ৰাস্তাটো মেৰামতিৰ দায়িত্ব নিজে ললে যুৱ ব্যৱসায়ী গৰাকীয়ে । নিজৰ জেপৰ ধন খৰচ কৰি যুৱ ব্যৱসায়ী আব্দুৰ ৰৌফ খানে জেচিবি, ডাম্পাৰ, টেক্টৰেৰে গড়কাপ্তানী পথটো মেৰামতি কৰিলে ৰাইজৰ যাতয়তৰ সুবিধা কৰি দিয়ে ।
উল্লেখযোগ্য যে, দুমাহ পূৰ্বে বগৰীবাৰীত পুঠিমাৰী নৈৰ মথাউৰি চিঙি ডেৰ মাহে বানত ডুব গৈ আছিল গড়কাপ্তানী পথটো, যাৰ ফলত পথটো ঠায়ে-ঠায়ে দ দ খাৱৈত পৰিণত হৈছিল । পথটোৰে যাতায়ত কৰাটো কষ্টকৰ হৈ পৰিছিল ৰাইজৰ বাবে । বাক্সা প্ৰশাসন অথবা চৰকাৰৰ ফালৰ পৰা পথটো মেৰামতি কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল । সেয়েহে যুৱ ব্যৱসায়ী গৰাকীয়ে নিজা প্ৰচেষ্টাত গড়কাপ্তানী পথটো মেৰামতি কৰিলে । সম্প্ৰতি আব্দুৰ ৰৌফ খানৰ এই পদক্ষেপক সকলোৱে শলাগ লোৱা পৰিলক্ষিত হৈছে ৷
লগতে পঢ়কঃ বিপৰ্যয়ে লগ এৰা নাই বানাক্ৰান্তক