ETV Bharat / state

চাইকেলেৰে যাত্ৰা কৰি আহমেদাবাদৰ পৰা ৰঙিয়া পালেহি ৪ গৰাকী আৰোহী

'বেটি বচাও বেটি পঢ়াও', ড্ৰাগছ মুক্ত সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা লৈ সুদূৰ আহমেদাবাদৰ পৰা অৰুণাচল প্ৰদেশৰ ইটানগৰলৈ চাইকেলেৰে যাত্ৰা । পঞ্জাৱ আৰক্ষীৰ দুগৰাকী ২ গৰাকী কনিষ্টবল আৰু হিমাচল প্ৰদেশৰ দুজন যুৱকে চাইকেলেৰে যাত্ৰা কৰি বৃহস্পতিবাৰে পুৱা ৰঙিয়াত উপস্থিত হয় ।

চাইকেলেৰে যাত্ৰা কৰি আহমেদাবাদৰ পৰা ৰঙিয়া পালেহি ৪ গৰাকী আৰোহী
চাইকেলেৰে যাত্ৰা কৰি আহমেদাবাদৰ পৰা ৰঙিয়া পালেহি ৪ গৰাকী আৰোহী
author img

By

Published : Dec 10, 2020, 12:41 PM IST

ৰঙিয়া, ১০ ডিচেম্বৰ: গুজৰাটৰ আহমেদাবাদৰ পৰা চাইকেলেৰে যাত্ৰা কৰি আজি ৰঙিয়াত উপস্থিত হ'ল পঞ্জাৱ আৰক্ষীৰ দুগৰাকী ২ গৰাকী কনিষ্টবল আৰু হিমাচল প্ৰদেশৰ দুজন যুৱক । ২৭০০ কিঃমিঃ পথ অতিক্ৰম কৰি অৰুণাচল প্ৰদেশৰ ইটানগৰত উপস্থিত হোৱাৰ লক্ষ্যৰে যোৱা ১১ নৱেম্বৰত যাত্ৰা আৰম্ভ কৰে চাৰিওগৰাকী আৰক্ষীয়ে । 'বেটি বচাও বেটি পঢ়াও', ড্ৰাগছ মুক্ত সমাজ আৰু পৰিৱেশ সংৰক্ষণৰ বাৰ্তা লৈ এই চাইকেল যাত্ৰা কৰা আৰোহী কেইগৰাকীক ৰঙিয়াত প্ৰভাতী কিৰণ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে ঊষ্ম আদৰণি জনায় ।

মহান উদ্দেশ্য লৈ যাত্ৰা কৰা এই চাইকেল আৰোহীকেইজনক এটাকৈ গছ পুলি উপহাৰ দি স্বেচ্ছাসেৱী সংগঠনটোৱে আদৰণি জনায় । চাইকেল আৰোহী কেইজনে গছ পুলি কেইজোপা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাঙিয়াৰ বালাগাঁৱত ৰোপণ কৰে । চাইকেল আৰোহীকেইজন ক্ৰমে পঞ্জাৱ আৰক্ষীৰ কনিষ্টবল চমনদ্বীপ কুমাৰ আৰু গুৰুসেৱক সিংহ । তেওঁলোকৰ লগত আছে হিমাচল প্ৰদেশৰ দুই যুৱক ক্ৰমে হেৰী ঠাকুৰ আৰু হুকুম দিৱানা ।

'বেটি বচাও বেটি পঢ়াও' বাৰ্তাৰে ৰাইজৰ মাজত সজাগতৈ সৃষ্টি কৰিবলৈ তেওঁলোকে এই যাত্ৰা কৰিছে বুলি মন্তব্য কৰে চাইকেল আৰোহীকেইজনে । লগতে এখন ড্ৰাগছ মুক্ত সুস্থ সমাজ গঢ়াৰ উদ্দেশ্যে যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে । ইয়াৰ উপৰিও ভয়াৱহ প্ৰদূষণৰ বাবে বিনষ্ট হোৱা পৰিৱেশ কি দৰে প্ৰদূষণ মুক্ত কৰি এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব পাৰি সেই বিষয়েও ৰাইজৰ মাজত প্ৰচাৰ চলায় । ৰঙিয়াৰ পৰা আটাইকেইজনে পোনে পোনে গহপুৰ হৈ ইটানগৰলৈ যাব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক:বিটিচি নিৰ্বাচনঃ ভোটদান সাব্যস্ত কৰি কি ক'লে মন্ত্ৰী চন্দন ব্ৰহ্মই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.