ETV Bharat / state

Dilapidated bamboo bridge: ভৱেশ কলিতাৰ সমষ্টিত এখন দলং পাৰ হ’বলৈ ৰাইজে ভৰিব লাগে ধন

চৰকাৰ আহে চৰকাৰ যায়, কিন্তু প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়েই ৰৈ যায় । চৰকাৰ জনপ্ৰতিনিধিক আবেদন নিবেদন কৰিও কোনো ফল নাপায় জনতাই । ডিজিটেল ইণ্ডিয়াৰ যুগতো উন্নয়নৰ ফোঁপোলা স্বৰূপ প্ৰতিফলিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত (Poor bamboo bridge in Rangia) ।

author img

By

Published : Oct 11, 2022, 8:54 PM IST

Dilapidated bamboo bridge at Kamrup
দলঙৰে যাবলৈ ৰাইজে ভৰিব লাগে ধন

ৰঙিয়া, ১১ অক্টোবৰ: ডিজিটেল ইণ্ডিয়াৰ যুগতো ৰাজ্যত পৰিস্ফুট হৈছে উন্নয়নৰ ফোঁপোলা স্বৰূপ । এই ফোঁপোলা স্বৰূপ এইবাৰ প্ৰতিফলিত হৈছে কামৰূপ জিলাৰ ৰঙিয়াত । গাঁৱৰ কণকণ ছাত্র-ছাত্রীসকলে নদীৰ সিপাৰে থকা বিদ্যালয়লৈ দৈনিক বিপদ সংকুলভাৱে পাৰাপাৰ হ’বলগীয়া হোৱাত চিন্তিত হৈ পৰিছে অভিভাৱকৰ লগতে স্থানীয় ৰাইজ ।

জীৱনৰ নিৰাপত্তা নোহোৱা ৰঙিয়াৰ বৰলীয়া নৈৰ ওপৰত থকা এখন দলং । এই দলঙখন পাৰ হ'বলৈ হ'লে ৰাইজে ভৰিব লাগিব ধন । তাৰ পিছতো কিন্তু ৰাইজৰ জীৱনৰ কোনোৱে দায়িত্ব নলয় । আৰু যদি আপুনি টকা দিব নোৱাৰে তেন্তে নদীৰ ওপৰেৰে বিপদ সংকুল যাতায়ত কৰিবই লাগিব । আপোনাৰ শুনি আচৰিত লাগিলেও এয়াই সত্য ।

এই দলংখন কামৰূপ,নলবাৰী,তামুলপুৰ জিলাৰ সীমান্তৰ খোপনিকুছিৰ নোনা নৈত অৱস্থিত(Development is still not visible in Rangia)। কেইবাখনো গাঁৱৰ ৰাইজে যাতায়ক কৰে এই বাঁহৰ দলঙখনেৰে (dilapidated bamboo bridge on Baralia river) । দলঙখন পকীকৰণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষ তথা চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । উপায় বিহীন গঞা ৰাইজৰ সহযোগত কেইজনমান লোকে এই বাঁহৰ দলঙখন নিৰ্মাণ কৰি উলিয়ালে (People of Rangia build a bamboo bridge)।

দলঙৰে যাবলৈ ৰাইজে ভৰিব লাগে ধন

সেয়ে এতিয়া দলং পাৰ হ'বলৈ হ'লে ৫ টকাৰ পৰা ২০ টকা পৰ্যন্ত ভৰিব লাগে (Pay for cross bamboo bridge in Khopanikuchi) । বাঁহৰ বৃহৎ দলঙখনেৰে পাৰ হওঁতে কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ।

ধন আদায় কৰি দলং পাৰ হোৱাৰ পিছতো কিন্তু জীৱণৰ নিৰাপত্তা নাই । এক প্ৰকাৰ টকা ভৰিও বিপদ সংকুল যাতায়ত কৰিব লাগিব । নিৰ্বাচনৰ সময়ত দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত সকলো ফুটুকাৰ ফেনত পৰিণত হয় । কি কংগ্ৰেছ, কি বিজেপি কোনো এটা দলৰ মন্ত্ৰী-বিধায়কে আজিলৈকে নিদিলে দলং নিৰ্মাণত গুৰুত্ব । যাৰ বাবে শিশুৰ পৰা মহিলা-বৃদ্ধলৈকে মৰণত শৰণ দি যাতায়ত কৰি আহিছে ।

যাতায়তৰ সমস্যাত জুৰুলা কেইবাখনো গাঁৱৰ ৰাইজে বৰলীয়া নৈৰ ওপৰত থকা দলংখনৰ (bamboo bridge over Baralia river in Kamrup) ওপৰৰে যাতায়ত কৰে । কিন্তু বাৰিষাৰ সময়ত কোনো লোকৰ বেমাৰ-আজাৰ হ'লে দলঙৰ অভাৱত প্ৰায় ১৫ কিলোমিটাৰ ঘুৰি এম্বুলেঞ্চলৈ গৈ ৰোগীক চিকিৎসালয়লৈ নিব লগীয়া হয় । শীঘ্ৰে ইয়াত এখন পকি দলং নিৰ্মাণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

কেৱল নির্বাচনৰ সময়ত বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে বিধায়ক, সাংসদকে ধৰি পঞ্চায়ত প্রতিনিধিসকলে ৰাইজৰ ভোট বিচাৰি আহে যদিও জয়ী হোৱাৰ পিছত ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ বাস্তৱ ৰূপায়নৰ বাবে কাৰোৰে আহৰি নোহোৱা বুলি অভিযোগ কৰিলে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক:AGP foundation day celebration: অগপৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজনৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.