ৰঙিয়া,18 জুলাই: ৰঙিয়াত বানপানীৰ সাহায্যৰ নামত বৈষম্যমূলক আচৰণকলৈ উত্তপ্ত পৰিস্থিতি। আৰিমত্ত পঞ্চায়তৰ অন্তৰ্গত গড়ভিতৰ বালাগাঁৱত বন্যাৰ্তই বান সাহায্য বিচাৰি পৰিৱেশ উত্তাল কৰি তোলে। বানত ক্ষতিগ্ৰস্ত প্ৰকৃত পৰিয়ালক পঞ্চায়ত সদস্যাই সাহায্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । বানত ক্ষতি নোহোৱা পৰিয়ালক স্বজন-তোষণ নীতিৰে বান সাহায্য দিয়াকলৈ ক্ষোভ। আৰিমত্ত পঞ্চায়তৰ গড়ভিতৰ বালাগাঁৱৰ সদস্যা সুমিত্ৰা দাসৰ বিৰুদ্ধে এই অভিযোগ। বুধবাৰে পঞ্চায়ত সদস্যা সুমিত্ৰা দাসক জৱাব-তলৱ কৰি ক্ষোভ উজাৰে। এখন বিদ্যালয়ত আশ্ৰয় লোৱা দেখুৱাই একাংশ লোকক পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে নিজ মইমতালিৰে বান সাহায্য দিয়া বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰে। ইফালে এনে অভিযোগ অস্বীকাৰ কৰে পঞ্চায়ত সদস্যা গৰাকীয়ে।
বান সাহায্য বিতৰণত বৈষম্য - বৈষম্য
বানত ক্ষতিগ্ৰস্ত প্ৰকৃত পৰিয়ালক পঞ্চায়ত সদস্যাই সাহায্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকৰ ।
ৰঙিয়া,18 জুলাই: ৰঙিয়াত বানপানীৰ সাহায্যৰ নামত বৈষম্যমূলক আচৰণকলৈ উত্তপ্ত পৰিস্থিতি। আৰিমত্ত পঞ্চায়তৰ অন্তৰ্গত গড়ভিতৰ বালাগাঁৱত বন্যাৰ্তই বান সাহায্য বিচাৰি পৰিৱেশ উত্তাল কৰি তোলে। বানত ক্ষতিগ্ৰস্ত প্ৰকৃত পৰিয়ালক পঞ্চায়ত সদস্যাই সাহায্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকে । বানত ক্ষতি নোহোৱা পৰিয়ালক স্বজন-তোষণ নীতিৰে বান সাহায্য দিয়াকলৈ ক্ষোভ। আৰিমত্ত পঞ্চায়তৰ গড়ভিতৰ বালাগাঁৱৰ সদস্যা সুমিত্ৰা দাসৰ বিৰুদ্ধে এই অভিযোগ। বুধবাৰে পঞ্চায়ত সদস্যা সুমিত্ৰা দাসক জৱাব-তলৱ কৰি ক্ষোভ উজাৰে। এখন বিদ্যালয়ত আশ্ৰয় লোৱা দেখুৱাই একাংশ লোকক পঞ্চায়ত প্ৰতিনিধি গৰাকীয়ে নিজ মইমতালিৰে বান সাহায্য দিয়া বুলি বানাক্ৰান্ত ৰাইজে অভিযোগ কৰে। ইফালে এনে অভিযোগ অস্বীকাৰ কৰে পঞ্চায়ত সদস্যা গৰাকীয়ে।
Bite:-publicConclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা