ETV Bharat / state

Public Build a Bamboo Bridge: গাঁঠিৰ ধন ভাঙি ৰাইজে সাজি উলিয়ালে এখন বাঁহৰ দলং

author img

By

Published : Aug 4, 2022, 3:17 PM IST

ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সীমান্তৱৰ্তী বৈদ্যগড় পঞ্চায়তৰ তুলসীবাৰীৰ ঘোগাৰপাৰত ৰাইজে শ্ৰমদান কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে । ঘোগাজানৰ দুয়োপাৰৰ প্ৰায় তিনিশ ঘৰ মানুহে নিজৰ ঘৰৰ বাঁহ আৰু অন্যান্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমদান কৰি উক্ত বাঁহৰ দলংখন নিৰ্মাণ কৰে ( Public build a bamboo bridge in Rangia) ।

public build a bamboo bridge in Rangia
গাঁঠিৰ ধন ভাঙি ৰাইজে সাজি উলিয়ালে এখন বাঁহৰ দলং

ৰঙিয়া, 4 আগষ্ট: ৰঙিয়া আৰু তামুলপুৰ সমষ্টিৰ সীমান্তৱৰ্তী বৈদ্যগড় পঞ্চায়তৰ তুলসীবাৰীৰ ঘোগাৰপাৰত ৰাইজে শ্ৰমদান কৰি এখন বাঁহৰ দলং নিৰ্মাণ কৰে । ঘোগাজানৰ দুয়োপাৰৰ প্ৰায় তিনিশ ঘৰ মানুহে নিজৰ ঘৰৰ বাঁহ আৰু অন্যান্য সামগ্ৰী যোগান ধৰাৰ লগতে শ্ৰমদান কৰি উক্ত বাঁহৰ দলংখন নিৰ্মাণ কৰে । প্ৰায় ৬০ হাজাৰ টকা ব্যয় কৰি ৰাইজে এসপ্তাহত দলঙখন নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে ( Public build a bamboo bridge in Rangia) ।

পূৰ্বতে জানটোৰ ওপৰত এডাল বাঁহৰ সাঁকো আছিল । বাঁহৰ সাঁকোৰে যাতায়ত কৰোতে কেবাটাও দুৰ্ঘটনা সংঘটিত হৈ বহু লোক ঘুণীয়া হোৱাৰ লগতে এজন ব্যক্তিৰ মৃত্যু পৰ্যন্ত হৈছে । এনে সমস্যাৰ বাবে বিগত বছৰত স্থানীয় ৰাইজে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলং সাজি লৈছিল । কিন্তু ডেৰমাহ পূৰ্বে বগৰীবাৰীত অহা প্ৰলয়ংকাৰী বানত জানটোৰ ওপৰত থকা বাঁহৰ দলংখন উটি যায় । তাৰ পিছৰে পৰা ৰাইজে কলৰ ভুৰেৰে জানটো বিপদ সংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছিল ।

দলঙখনৰ অভাৱৰ বাবে ঘোগাৰপাৰৰ ৰাইজে বছৰ বছৰ ধৰি যাতায়তৰ বাবে দুৰ্ভোগ ভুগি থাকিবলগীয়া হৈছে (Development is still not visible in Rangia) । জানটোত দলং নোহোৱা বাবে স্থানীয় ৰাইজে প্ৰায় ৬ কিলোমিটাৰ দূৰেৰে তামুলপুৰ জিলাৰ মাজেৰে যাতায়ত কৰিবলৈ বাধ্য হৈ আহিছে । ঘোগাজানৰ এটা পাৰত তুলসীবাৰী অঞ্চলৰ বহুলোকৰ খেতি পথাৰসমুহ থকা বাবে নিতৌ সহস্ৰাধিক কৃষকে জানটো বিপজ্জনকভাৱে পাৰ হ’বলগীয়া হয় । ইয়াৰ উপৰিও জৰুৰীকালীন সেৱাৰ পৰাও অঞ্চলবাসী বঞ্চিত হৈ আহিছে ৷

বিশেষকৈ ঘোগাৰপাৰৰ এটা অংশত জৰুৰীকালীন সময়ত ৰোগীক কান্ধত তুলি অনাৰ বাহিৰে অন্য কোনো উপায় নাথাকে । ইয়াৰ উপৰিও অঞ্চলটোৰ বিদ্যালয়সমুহলৈ জানটোৰে কণ কণ শিশুবোৰে অতি বিপদসংকুলভাৱে যাতায়ত কৰিবলৈ বাধ্য হৈছে । যাতায়ত ব্যৱস্থা সুচল কৰি তোলাৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ গঞা ৰাইজ ক্ষুব্ধ হৈ পৰিছে । ৰাইজৰ অভিযোগ অনুসৰি নিৰ্বাচনৰ পূৰ্বে অঞ্চলটোলৈ ৰাজনৈতিক নেতাৰ সোঁত বয় যদিও নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছত সকলো আশ্বাস-প্ৰতিশ্ৰুতি ফুটুকাৰ ফেনত পৰিণত হয় ।

ৰাইজে বহুবাৰ দলংখনৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনায় আহিছে যদিও আজিকোপতি কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই । অৱশেষত উপায়ন্তৰ হৈ স্থানীয় লোকে নিজেই ওলাই আহিল বাঁহৰ দলংখন নিৰ্মাণ কৰে । অতিশীঘ্ৰে ঘোগাজানৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰি যাতায়ত ব্যৱস্থা উন্নত কৰি তুলিবলৈ অঞ্চলবাসীয়ে দাবী জনাইছে ৷

লগতে পঢ়ক: Football Training: একালৰ সুদক্ষ ফুটবল খেলুৱৈ শঙ্কৰ বসুমতাৰীৰ ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.