ETV Bharat / state

বিতৰ্কৰ আৱৰ্তত বকোৰ ছমৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন

বিগত 5 বছৰে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য ধীৰাজ বায়ন আৰু সভাপতি তৰুণ কলিতাই বিদ্যালয়ত অভিভাৱকৰ সভা অনুষ্ঠিত নকৰাকৈ নিজ মইমতালিৰে বিদ্যালয়খন পৰিচালনা কৰি অহাৰ অভিযোগ ৷

বকোৰ ছমৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনক লৈ তীব্ৰ বিতৰ্ক
author img

By

Published : Sep 7, 2019, 12:47 PM IST

বকো, 7 ছেপ্টেম্বৰঃ শনিবাৰে বকোৰ ছমৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সহিতে একাংশ ৰাইজে বিদ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদী ৰাইজ সকলে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক তীব্ৰ সকীয়নি প্ৰদান কৰে৷

বকোৰ ছমৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনক লৈ তীব্ৰ বিতৰ্ক

প্ৰতিবাদকাৰী সকলৰ অভিযোগ অনুসৰি বিগত 5 বছৰে বিদ্যালয়খনৰ প্ৰধান আচাৰ্য ধীৰাজ বায়ন আৰু সভাপতি তৰুণ কলিতাই বিদ্যালয়ত অভিভাৱকৰ সভা অনুষ্ঠিত নকৰাকৈ নিজ মইমতালিৰে বিদ্যালয়খন পৰিচালনা কৰি আহিছে৷ ইফালে দান-বৰঙনি আৰু ছাত্ৰ-ছাত্ৰীৰ মাচুল আদিকে ধৰি বিভিন্ন শিতানত সংগ্ৰহৃত প্ৰায় 1 কোটি টকা খেলিমেলি কৰাৰো অভিযোগ উত্থাপিত হৈছে তেওঁলোকৰ বিৰুদ্ধে৷ ইয়াৰোপৰিও তেওঁলোকে অভিযোগ কৰে যে অভিভাৱক সকলে এখন সধাৰণ সভা অনুষ্ঠিত কৰাৰ আহ্বান কৰি আহিছে যদিও প্ৰধান আচাৰ্য আৰু সভাপতিয়ে এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই ৷ সেয়ে ৰাইজে আজি বিভিন্ন প্ৰতিবাদী শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে৷

Intro:Body:বকোৰ ছমৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনক লৈ সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। আজি (শনিবাৰে) বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সহিতে একাংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ছমৰীয়া শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ সন্মূখতে ক্ষোভিত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি বিদ্যালয়খনৰ প্ৰধান আচাৰ্য আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিক তীব্ৰ সকীয়ণি প্ৰদান কৰে। যোৱা ৫ বছৰে প্ৰধান আচাৰ্য ধীৰাজ বায়ন আৰু সভাপতি তৰুণ কলিতাই বিদ্যালয়ত অভিভাৱকৰ সভা অনুষ্ঠিত নকৰাকৈ নিজ মইমতালিৰে বিদ্যালয়খন পৰিচালনা কৰি আহিছে। ইফালে দান-বৰঙণি নাইবা ছাত্ৰ-ছাত্ৰীৰ মাচুল আদিকে বিভিন্ন শিতানত সংগ্ৰহৃত প্ৰায় ১ কোটি টকা খেলিমেলি কৰাৰো অভিযোগ উত্থাপিত হৈছে। ৰাইজ তথা অভিভাৱকে এখন সধাৰণ সভা অনুষ্ঠিত কৰাৰ আহ্বান কৰি আহিছে যদিও এই ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই প্ৰধান আচাৰ্য আৰু সভাপতিয়ে। সেয়ে ৰাইজে এইদৰে বিভিন্ন শ্ল'গান দি পৰিস্থিতি উত্তাল কৰি তোলে।

BYTE_অভিভাৱক।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.