ৰঙিয়া, 8 জুলাইঃ বিগত কেইবাদিনৰ পৰা বান-খহনীয়াই বিধ্বস্ত কৰিছে অসমৰ বিস্তীৰ্ণ কৃষিভূমিৰ লগতে, ৰাইজৰ বাসস্থান, সা-সম্পত্তি ৷ যাৰ বাবে ব্যাপক দুৰ্ভোগ ভুগিবলগীয়া হৈছে বানাক্ৰান্ত ৰাইজে ৷ ৰাইজৰ এনে সমস্যা সমাধানৰ দাবীৰে প্ৰতিদিনেই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধাৰাবহিকভাৱে অব্যাহত আছে প্ৰতিবাদ ৷ বুধবাৰে বানাক্ৰান্তৰ ক্ষতিপূৰণৰ লগতে ৰাজ্যৰ ভিন্ন সাম্প্ৰতিক সমস্যাৰ বিৰুদ্ধে ৰঙিয়াত প্ৰতিবাদ সাব্যস্ত কৰিলে বাওঁপন্থী দল চিপিআই (এম) এ ৷
বিগত কেইবাদিনো ধৰি একেৰাহে হৈ থকা বৰষুণৰ বাবে বৰলীয়া নদীৰ বাঢ়নী পানীয়ে ৰঙিয়াৰ বিস্তীৰ্ণ অঞ্চল প্লাবিত কৰিছে ৷ যাৰ ফলত স্থানীয় লোকৰ কৃষিভূমিৰ লগতে, ব্যাপক ক্ষতি হৈছে বাসগৃহসমূহৰো ৷ কিন্তু ইমানৰ পিচতো এতিয়াও চৰকাৰে কোনো ধৰণৰ ক্ষতিপুৰণৰ ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰী সকলে ৷ আনকি নিজৰ ঘৰ এৰি আশ্ৰয়স্থললৈ ঢাপলি মেলা লোকসকলৰ বাবেও চৰকাৰে কৰা নাই কোনো ধৰণৰ বিহিত ব্যৱস্থা ৷
প্ৰতিবাদকাৰী সকলে অতি শীঘ্ৰেই ৰাইজৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী উত্থাপন কৰিছে চৰকাৰক ৷ লগতে এনে মহামাৰীৰ সময়ত চৰকাৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত টোলগেট নিৰ্মাণ কৰা কাৰ্যটোক সম্পূৰ্ণ অমানৱিক কাৰ্য বুলি আখ্যা দিছে চিপিআই (এম) দলৰ নেতা বিবেকানন্দ অধিকাৰীয়ে ৷ লগতে এই কাৰ্যক নীতি বহিৰ্ভূত বুলি কৈ ইয়াক লৈ চৰকাৰে ব্যৱসায় আৰম্ভ কৰিব লৈছে বুলি মন্তব্য কৰে নেতাগৰাকীয়ে ৷ প্ৰতিবাদকাৰীসকলে ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখৰ পৰা চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান দি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ সমদল বাহিৰ কৰে ৷ ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰীলৈ বুলি এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ৷
লগতে পঢ়কঃ বৰপেটাৰ চেঙাত বানাক্ৰান্তৰ কাষত বিজেপি নেতা জিতু তালুকদাৰ