ETV Bharat / state

এজনী মৃত গৰুক লৈ উত্তাল হ’ল ৰাজপথ !

author img

By

Published : Mar 10, 2020, 3:47 AM IST

Updated : Mar 10, 2020, 8:01 AM IST

প্ৰথমে শোভাযাত্ৰা । তাৰ পিছত পথ অৱৰোধ,হত্যাকাৰীক ফাঁচিৰ দাবী আৰু ব্যাপক প্ৰতিবাদ ।

এজনী মৃত গৰুক লৈ কিয় উত্তাল হ’ল ৰাজপথ !

দক্ষিণ কামৰূপ, 10 মাৰ্চ: দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰামপুৰত এজনী মৃত গাই গৰুক লৈ সোমবাৰে উলিওৱা হ'ল এক শোভাযাত্ৰা । ৰামপুৰত গাঁওখনৰ মাজেৰে ঠেলাত মৃত গাইজনীক লৈ ঢোল-তাল বজাই হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ৰাষ্ট্ৰীয় ঘাইপথ অভিমুখে আগবাঢ়ি গ’ল প্ৰতিবাদকাৰী ।

মৃত গাই গৰুক লৈ শোভাযাত্ৰা, কিয় আৰু ক’ত !

তাৰ পাচতেই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ প্ৰতিবাদকাৰীৰ। দাবী এটাই হত্যাকাৰীক ফাঁচী দিয়াৰ । দৰাচলতে ৰামপুৰৰ ঐতিসাহিক দৰাবিলৰ বুকুত এতিয়া চলিছে বেদখল। বহিৰাগত বনিয়াই দৰাবিলৰ বুকুত আগ্ৰাসী ৰূপেৰে যধে-মধে দেৱাল দি,গাত খান্দি বিনষ্ট কৰিছে পৰিৱেশ । সেই প্ৰকাণ্ড প্ৰকাণ্ড গাত সমূহতে পৰি প্ৰায়ে মৃত্যু হৈছে বহু কেইটা পশুধনৰ ।

কিছুদিন পূৰ্বে মানসজ্যোতি কলিতা নামৰ লোকজনৰ এজনী গাই শ্ৰী শ্ৰী এশ্ব’ছিয়েট নামৰ এটি ব্যক্তিগত সংস্থাটোৱে খন্দা গাতত পৰি আহত হৈছিল । এই ঘটনাসন্দৰ্ভত বিজয়নগৰ আৰক্ষী চকীত ভুক্তভোগী পৰিয়ালটোৱে এজাহাৰ দাখিল কৰিছিল যদিও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে । অৱশেষত সোমবাৰে মৃত্যুমুখত পৰে গাইজনী ৷ সেই মৃত গাইজনীক দৰাবিল সংৰক্ষণ সমিতিৰ নেতৃত্বত তথা ভুক্তভোগী পৰিয়ালৰ সহযোগত এইদৰে শোভাযাত্ৰা উলিওৱাৰ লগতে পথ অৱৰোধৰ ব্যতিক্ৰমী কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে । ভূমি বেদখল কৰি প্ৰাকৃতিক পৰিৱেশ বিনষ্ট কৰি একাংশ বহিৰাগত বনিয়াই দক্ষিণ কামৰূপত ভূমি দখলেৰে ৰাজত্ব চলোৱাৰ পিছতো নিমাত কিন্তু ৰজাঘৰীয়া । যাৰ পৰিণতিত মৃত পশুধনক কেন্দ্ৰ কৰি এনেদৰে সাব্যস্ত কৰা হয় প্ৰতিবাদ ।

লগতে চাওক- ভাৰতত পুনৰ তিনিজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সন্দেহ !

Last Updated : Mar 10, 2020, 8:01 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.