ETV Bharat / state

এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ৰঙিয়াত ঘাইপথ অৱৰোধ

ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ । এপ'ল মিলক পুনৰুজ্জীৱিত কৰক অন্যথা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ ।

author img

By

Published : Jan 10, 2020, 5:41 PM IST

RANGIA PROTEST FOR APOLLO MILL
এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

ৰঙিয়া , 10 ডিচেম্বৰ : ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত শুকুৰবাৰে ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে মিলৰ কৰ্মচাৰীয়ে । পথ অৱৰোধ কাৰ্যসূচীত সহযোগ কৰে প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ছাত্ৰ সন্থাৰ লগতে ৰঙিয়াৰ ৰাইজে । এপ'ল মিলক পুনৰুজ্জীৱিত কৰক অন্যথা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ । পথ অৱৰোধৰ ফলত ৰঙিয়াৰ তুলসীবাৰীত কেইবাঘন্টা ধৰি আৱদ্ধ হয় শতাধিক যান-বাহন ।

যোৱা তিনি বছৰ ধৰি উৎপাদন বন্ধ হৈ থকা এপ'ল মিলটোৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰিছে । মিলৰ প্ৰায় ৬০০ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিছে এই সকল শ্ৰমিক-কৰ্মচাৰী । আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে বুলি মন্তব্য কৰে মিলৰ কৰ্মচাৰীয়ে । চৰকাৰে আশ্বাস, প্ৰতিশ্ৰুতি দিয়ে ঠিকেই কিন্তু মিলটোহে কাৰ্য্যক্ষম নকৰে বুলিও মত প্ৰকাশ কৰে মিলৰ কৰ্মচাৰীয়ে । অতি শীঘ্ৰে মিলটো পুনৰ কাৰ্য্যক্ষম নকৰিলে দুৰ্ভগীয়া শ্ৰমিকসকলক চৰকাৰে গুলীয়াই মৰাৰ আহ্বান জনায় কৰ্মচাৰীয়ে ।

এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ

আৰু পঢ়ক : ৰঙিয়াত এম জি এনৰেগা আঁচনিৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ

Intro:এপ'ল মিল পুনৰুজ্জীৱিত কৰাৰ দাবীত ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধBody:ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ পুনৰুজ্জীৱিত কৰাৰ দাবীত আজি ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। পথ অৱৰোধত সহযোগ কৰিলে প্ৰাক্তন বিধায়ক অনন্ত ডেকা, ছাত্র সন্থাৰ লগতে ৰঙিয়াৰ ৰাইজে। এপ'ল মিলক পুনৰুজ্জীৱিত কৰক অন্যথা কৰ্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ প্ৰদান কৰাৰ দাবী প্ৰতিবাদকাৰীসকলৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, মন্ত্ৰী ভবেশ কলিতা মুৰ্দাবাদ ধ্বনিৰে পৰিবেশ উত্তাল। কেইবা ঘন্টা ধৰি আবদ্ধ ধৰি শতাধিক যান বাহন আবদ্ধ ৰঙিয়াৰ তুলসীবাৰীত। প্ৰতিবাদস্থলীত আৰক্ষী-অৰ্ধ সামৰিক বাহিনী মোতায়ন। এসময়ৰ অসমৰ ভিতৰতে ৰাজহুৱা খণ্ডৰ বৃহৎ বস্ত্ৰ উদ্যোগ ৰঙিয়াৰ তুলসীবাৰীৰ এপ'ল মিলৰ অৱস্থা বৰ্তমান একেবাৰে শোচনীয় হৈ পৰিছে। যোৱা তিনি বছৰ ধৰি এই মিলটোৰ উৎপাদন বন্ধ হৈ আছে। মিলৰ প্ৰায় ৬০০ শ্ৰমিক-কৰ্মচাৰীৰ অৱস্থা পানীত হাঁহ নচৰাৰ হৈছে । দৰমহা বন্ধ হৈ থকাত তীব্ৰ আৰ্থিক সংকটত ভুগিব লগা হৈছে এই সকল শ্ৰমিক-কৰ্মচাৰীয়ে। জীৱিকাৰ প্ৰতি অশনি সংকেত কঢ়িয়াই আনিছে দুৰ্ভগীয়া শ্ৰমিক সকলৰ জীৱনলৈ। আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল। তাৰ পিছতো চৰকাৰৰ নাই কোনো দায়িত্ববোধ, নাই কোনো কৰণীয়। প্ৰতিবাদ কৰাৰ পিছত চৰকাৰে আশ্বাস, প্ৰতিশ্ৰুতি দিয়ে ঠিকেই, কিন্তু মিলটোহে কাৰ্য্যক্ষম নকৰে । অতি শীঘ্ৰে মিলটো পুনৰ কাৰ্যক্ষম নকৰিলে দুৰ্ভগীয়া শ্ৰমিকসকলক চৰকাৰে গুলীয়াই মৰাৰ আহ্বান ।
Bite:- মিলৰ কৰ্মচাৰীConclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.