ETV Bharat / state

যাত্ৰীবাহী ৰে'লসেৱা পুনৰ মুকলি কৰাৰ দাবীত ৰঙিয়া ষ্টেচনত প্ৰতিবাদ - নতুনকৈ ক’ভিড নিৰ্দেশনা

প্ৰায় নিয়ন্ত্ৰণলৈ আহিছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি ৷ পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি অহাৰ পৰিপেক্ষিতত নিৰ্দিষ্ট নীতি-নিয়ময়ৰ মাজৰে ৰাজ্যত পুনৰ বিদ্যালয়ত পাঠদান প্ৰক্ৰিয়া, আদালতৰ কাম-কাজসমূহ আৰম্ভ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে চৰকাৰে ৷ কিন্তু স্থানীয় ৰে’লৰ চলাচল বৰ্তমানেও বন্ধ হৈ থকাত যাতায়াতৰ ক্ষেত্ৰত অসুবিধাত পৰিছে যাত্ৰীসকল ৷

protest-at-rangia-station-demanding-reopening-of-passenger-trains
যাত্ৰীবাহী ৰে'লসেৱা পুনৰ মুকলি কৰাৰ দাবীত ৰঙিয়া ষ্টেচনত প্ৰতিবাদ
author img

By

Published : Sep 6, 2021, 4:58 PM IST

ৰঙিয়া,6 ছেপ্তেম্বৰ: ৰঙিয়া ষ্টেচনত ৰেলৰ ভাড়া বৃদ্ধি পোৱাৰ বিৰুদ্ধে আৰু যাত্ৰবাহী ৰে'ল চলোৱাৰ দাবীত সোমবাৰে সাব্যস্ত কৰা হয় উত্তাল প্ৰতিবাদ ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকা, অসম ৰে'ল যাত্ৰী সংস্থাৰ লগতে চিপিআই, চিপিএম, ছাত্ৰ সন্থাকে ধৰি কেবাটাও দল-সংগঠন ৷ ৰেলৰ ভাড়া বৃদ্ধি বন্ধ কৰক, অফ লাইন টিকটৰ ব্যৱস্থা কৰক, সকলো যাত্ৰীবাহী ৰেল চলোৱাৰ ব্যৱস্থা কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদ কাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলে প্ৰতিবাদস্থলীৰ পৰাই ৰেলৰ ভাড়া হ্ৰাস কৰা আৰু অতি শীঘ্ৰে যাত্ৰীবাহী ৰে'ল চলাচলৰ ব্যৱস্থা কৰি সৰ্বসাধাৰণ ৰাইজক সুবিধা কৰি দিয়াৰ বাবে চৰকাৰক দাবী উৎত্থাপন কৰে ৷ লগতে ৰে'ল ব্যক্তিগত কৰণৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদকাৰী সকলে কেন্দ্ৰীয় চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ লগতে জনসাধাৰণৰ স্বাৰ্থৰ প্ৰতি চৰকাৰে গুৰুত্ব নিদিলে তীব্ৰ সংগ্ৰাম গঢ়ি তুলা হ'ব বুলি চৰকাৰক সকীয়াই দিয়ে প্ৰতিবাদকাৰী সকলে ৷

যাত্ৰীবাহী ৰে'লসেৱা পুনৰ মুকলি কৰাৰ দাবীত ৰঙিয়া ষ্টেচনত প্ৰতিবাদ

উল্লেখ্য যে, অসমত নতুনকৈ ক’ভিড নিৰ্দেশনা(SOP)জাৰি হোৱাৰ পিছত যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা প্ৰদান কৰা হৈছে যদিও ৰাজ্যৰ স্থানীয় যাত্ৰীবাহী ৰে’লসমূহৰ চলাচল এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি অহা নাই ৷

স্বাভাৱিক অৱস্থাত সমগ্ৰ অসমতে প্ৰায় 30 খন স্থানীয় ৰে’ল চলাচল কৰে যদিও ক'ভিড-19 ৰ পৰিস্থিতি সাপেক্ষে প্ৰায় ডেৰ বছৰ ধৰি এই ৰে’লসেৱা বন্ধ হৈ আছে । ৰে’ল বিভাগৰ বিৰুদ্ধে মাজতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পিছত কেইখনমান ৰে’ল চলাচলৰ অনুমতি প্ৰদান কৰে যদিও বৰ্তমানেও প্ৰায় আধাতকৈ বেছি সংখ্যক স্থানীয় ৰে’লৰ চলাচল বন্ধ হৈ আছে ।

লগতে পঢ়কঃ কেতিয়াকৈ হ’ব স্থানীয় ৰে’লৰ চলাচল ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.