কামৰূপ, 28 নৱেম্বৰঃ মোদী মূর্দাবাদ ধ্বনিত কঁপিল মহানগৰীৰ বৰঝাৰ বিমানবন্দৰ চৌহদ । বিমানবন্দৰ ব্যক্তিগত কৰণ, BPCL, NEEPCO ৰক্ষাৰ দাবীত বৃহস্পতিবাৰে শতাধিক লোকে জনালে প্ৰতিবাদ । বিমানবন্দৰ ব্যক্তিগত কৰণৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মূর্দাবাদ,আদানী গ্ৰুপ গ' বেক আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে বিমানবন্দৰৰ পৰিৱেশ । অসম ট্ৰেড ইউনিয়ন আৰু কৰ্মচাৰী ফেডাৰেচনৰ লগতে বিমানবন্দৰৰ কৰ্মচাৰী সকলে সন্মিলিতভাবে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । মোদী চৰকাৰে ৰাজহুৱা সম্পত্তিক ব্যক্তিগতকৰণ কৰি একাংশ পুঁজিপতিৰ হাতত গতাই দিব বিচৰা কাৰ্যৰ তীব্ৰ বিৰোধীতাৰে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীসকলে ।
আনহাতে, বৰঝাৰ বিমানবন্দৰ ব্যক্তিগত কৰণৰ সিদ্ধান্ত মোডী চৰকাৰে বাতিল নকৰা লৈকে এই প্ৰতিবাদ সাব্যস্ত কৰি যাব বুলিও হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । কোনো কাৰণতে বৰঝাৰ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰিবলৈ দিয়া ন'হব বুলি হুংকাৰ দি উত্তৰ পূৰ্বাঞ্চলৰ Airport Authority Of India ৰ ক্ষেত্ৰীয় সঞ্চালকৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীয়ে ।
লগতে পঢ়ক : বিধ্বংসী গৰাখহনীয়াৰ কৱলত বিজনীৰ শ-শ গাওঁ