ETV Bharat / state

অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্ বিক্ৰী বিৰোধিতাত AITUCৰ প্ৰতিবাদ

author img

By

Published : Nov 2, 2021, 8:47 PM IST

বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত ৰাজ্যৰ ৰাজহুৱা খণ্ডসমূহলৈ নামি আহিছে বিপদঘন্টা । শেহতীয়াকৈ চৰকাৰে অসম আয়ুৰ্বেদিক প্ৰডাক্টচক ব্যক্তিগতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এই প্ৰতিষ্ঠানটোক ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিক গটোৱাৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তৰ বিৰোধিতাত AITUC কে মঙলবাৰে প্ৰতিষ্ঠানটোৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে ৷

protest against sale of Assam Ayurvedic products
অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্ বিক্ৰী বিৰোধিতাত AITUCৰ প্ৰতিবাদ

গুৱাহাটী, ২ নৱেম্বৰ : ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰাজহুৱা উদ্যোগ 'অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্' ৰামদেৱৰ প্ৰতিষ্ঠান পতঞ্জলিক গটোৱাৰ প্ৰতিবাদত মঙলবাৰে AITUC ৰাজ্যিক কমিটিয়ে মহানগৰী বামুণিমৈদামস্থিত 'অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্'ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন আদিলৈ 'অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্' বিক্ৰী কৰিব দিয়া নহ’ব, ৰামদেৱ গ' বেক, বিজেপি চৰকাৰ হায় হায়, অসমত থলুৱা উদ্যোগ বিক্ৰী কৰিব দিয়া নহ’ব, 'অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্'ৰ বিক্ৰীৰ সিদ্ধান্ত বাতিল কৰক আদি দাবীৰে চৌদিশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে, 'অসম আয়ুৰ্বেদিক প্ৰডাক্টচ্' উদ্যোগটোৰ সংলগ্ন কামৰূপ গ্ৰাম্য জিলাত থকা ১১৮ বিঘা মাটি উদ্যানৰ উদ্ভিদেৰে প্ৰায় ১৫০ বিধ দৰৱ প্ৰস্তুত হৈছিল ৷ ইয়াত ২০১৬ চনলৈ ৭৫ গৰাকী চিকিৎসক-কৰ্মচাৰী নিয়োজিত হৈ আছিল যদিও বৰ্তমান মাত্ৰ ১৭ জন কৰ্মচাৰীয়েহে কাম কৰি আছে ।

এই লাভজনক উদ্যোগতো সম্প্ৰতি বিজেপি চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে লোকচান দেখুৱাই ৰামদেৱৰ ওচৰত বিক্ৰী কৰিব ওলাইছে বুলি নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছে অভিযোগ কৰে । কেন্দ্ৰীয় চৰকাৰৰ আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ এই লাভজনক উদ্যোগতো ৰক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ AITUC ৰ ৰাজ্যিক সভাপতি মণি মহন্তই দাবী জনায় ।

লগতে পঢ়ক : গৃহভূমিত উপস্থিত পদব্ৰজে লাডাখ ভ্ৰমণ কৰা অঞ্জলি দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.