গুৱাহাটী, 28 ডিচেম্বৰ : পুনৰ বিতৰ্কত পূব কামৰূপ মহাবিদ্যালয় ৷ ছাত্ৰ ছাত্ৰী নহয়, এইবাৰ মহাবিদ্যালয়খনৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে একগোট হ’ল খোদ মহাবিদ্যালয়খনৰ শিক্ষক গোট ৷ অধ্যক্ষ গৰাকীয়ে দীৰ্ঘদিনৰ পৰা একানায়ত্ববাদ আৰু হিটলাৰী শাসন চলাই অহাৰ অভিযোগ উত্থাপন কৰি অধ্যক্ষগৰাকীৰ বিৰুদ্ধে তিনিদিনীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিছে মহাবিদ্যালয়খনৰ শিক্ষক সকলে ৷
উল্লেখ্য যে, ইতিমধ্যেই চৰকাৰী নীতি নিৰ্দেশনা অমান্য কৰা, কলেজ বিল্ডিং নিৰ্মানত বৃহৎ বিত্তীয় খেলিমেলি আদি বৃহৎ কেলেংকাৰীত সাঙোৰ খাই আছে অধ্যক্ষ বলেন্দ্ৰ কুমাৰ দেব চৌধুৰীৰ নাম ৷ কিন্তু এইবাৰ মহাবিদ্যালয় পৰিচালনা সমিতিত শিক্ষক সদস্য অন্তৰ্ভূক্ত নকৰা তথা একানায়ত্ববাদ আৰু হিটলাৰী শাসন চলোৱা আদি বিভিন্ন অভিযোগত সাঙুৰ খাইছে অধ্যক্ষ গৰাকীৰ নাম ৷ বিভিন্ন দাবীৰে অধ্যক্ষ গৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে মহাবিদ্যালয় খনৰ শিক্ষক গোটে ৷
লগতে পঢ়কঃ 22 দিনৰ অন্তত আত্মসমৰ্পন ডিব্ৰুগড়ৰ জ্যেষ্ঠ চিকিৎসক অজন্তা হাজৰিকা