ETV Bharat / state

ছয়গাঁৱত আমছুৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী

author img

By

Published : Aug 8, 2019, 6:30 PM IST

এনআৰচিৰ শুনানীৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ছয়গাঁৱৰ গৰৈমাৰীত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷

এনআৰচিৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদ

ছয়গাঁও ৮ আগষ্ট:এনআৰচিৰ শুনানীৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ আমছুৰ ৷ আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত গৰৈমাৰী ঈদগাহ ময়দানত পালন কৰা হয় দুঘণ্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৷ প্ৰতিবাদকাৰী সকলে এনআৰচিৰ নামত সংখ্যালঘু লোক সকলক কৰা হাৰাশাস্তি বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে ২৪ ঘণ্টাৰ ভিতৰত শুনানী কেন্দ্ৰত উপস্থিত হোৱাৰ লগতে ৩০০/৪০০ কিলোমিটাৰ দূৰৰ এনআৰচিৰ শুনানী কেন্দ্ৰলৈ মতা কাৰ্য বন্ধ কৰাৰ দাবী জনায় ৷

এনআৰচিৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদ

এনআৰচি কৰ্তৃপক্ষই এনআৰচিৰ শুনানীৰ নামত সংখ্যালঘু লোকক হাৰাশাস্তি কৰা কাৰ্যক আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰকো তীব্ৰ সমালোচনা কৰে ৷

Intro:এনআৰচিৰ শুনানীৰ নামত সংখ্যালঘু লোকক ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে ছয়গাঁৱৰ গৰৈমাৰীত এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷Body:ছয়গাঁও ৮ আগষ্ট : এনআৰচিৰ শুনানীৰ নামত সংখ্যালঘু ৰাইজক হাৰাশাস্তি কৰাৰ প্ৰতিবাদৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত বৃহস্পতিবাৰে ছয়গাঁৱৰ গৰৈমাৰীত আমছুৰ উদ্যোগত অৱস্থান ধৰ্মঘট পালন কৰা হয় ৷ আমছুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত গৰৈমাৰী ঈদগাহ ময়দানত পালন কৰা হয় দুঘণ্টীয়া এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ৷ ধৰ্মঘটস্থলীত উপস্থিত লোক সকলে বিভিন্ন শ্ল’গানো দিয়ে ৷ উল্লেখযোগ্য যে এনআৰচিৰ শেহতীয়া শুনানীৰ বাবে কামৰূপ জিলাৰ বকো আৰু ছয়গাঁও সমষ্টিৰ সংখ্যালঘু লোক সকলক ৪০০/৫০০ কিলোমিটাৰ দূৰলৈ মতাৰ লগতে ২৪ ঘণ্টাৰ ভিতৰত শুনানীৰ ঠাইত উপস্থিত হোৱাৰ জাননী প্ৰেৰণ কৰাৰ ফলত সংখ্যালঘু প্ৰধান এলেকাৰ অতি ভিতৰুৱা অঞ্চলৰ লোক সকল হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়াত পৰিছে ৷ এনআৰচি কৰ্তৃপক্ষৰ এই কাৰ্যত সংখ্যালঘু লোক সকল ক্ষোভিতও হৈ পৰিছে ৷ তাৰেই প্ৰতিবাদত বৃহস্পতিবাৰে এনেদৰে আমছুৰ উদ্যোগত ৰাইজে অৱস্থান ধৰ্মঘট পালন কৰে ৷ প্ৰতিবাদকাৰী সকলে এনআৰচিৰ নামত সংখ্যালঘু লোক সকলক কৰা হাৰাশাস্তি বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ লগতে ২৪ ঘণ্টাৰ ভিতৰত শুনানী কেন্দ্ৰত উপস্থিত হোৱাৰ লগতে ৩০০/৪০০ কিলোমিটাৰ দূৰৰ এনআৰচিৰ শুনানী কেন্দ্ৰলৈ মতা কাৰ্য বন্ধ কৰাৰ দাবী জনায় ৷ ইয়াৰ পৰিবৰ্তে ওচৰৰ কেন্দ্ৰ সমূহত শুনানীৰ বাবে মতাৰ বাবেও দাবী জনায় ৷ এনআৰচি কৰ্তৃপক্ষই এনআৰচিৰ শুনানীৰ নামত এনেদৰে সংখ্যালঘু লোকক হাৰাশাস্তি কৰা কাৰ্যক আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে এনআৰচি কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চৰকাৰকো তীব্ৰ সমালোচনা কৰে ৷তেওঁ এনআৰচিৰ সমন্বয়ক প্ৰতীক হাজেলাক চৰকাৰৰ শ্ৰুতলিপিমতে কাম কৰা বুলি অভিযোগ কৰাৰ লগতে ইয়াৰ জৰিয়তে লাখ লাখ মানুহৰ নাম এনআৰচিৰ পৰা কৰ্তন কৰাৰ ষড়যন্ত্ৰ কৰা বুলিও তেওঁ অভিযোগ কৰে ৷Conclusion:byte
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.