ৰঙিয়া, 25 জুলাইঃ ৰঙিয়া বগৰীবাৰীত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত শনিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ মুখ্যমন্ত্ৰী সোণোৱালে বানৰ খবৰ ল’বলৈ বৃহস্পতিবাৰে ৰঙিয়ালৈ গৈছিল ৷ কিন্তু তেওঁ বানত ককবকাই থকা বন্যাৰ্তৰ খবৰ নলৈ কৃত্ৰিম বান পৰিদৰ্শন কৰিয়েই তেওঁৰ ভ্ৰমণ সামৰাৰ অভিযোগ তুলিছে কৃষক মুক্তিৰ লগতে বগৰীবাৰী অঞ্চলৰ বানাক্ৰান্তই ৷
মুখ্যমন্ত্ৰীয়ে বানাক্ৰান্তৰ খবৰ নলৈ আধাৰ পৰাই উভতি যোৱা কাৰ্যত ক্ষুণ্ণ হৈ শনিবাৰে শতাধিক ভিন্ন বয়সৰ পুৰুষ-মহিলাই একত্ৰিত হৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷ প্ৰতিবাদী লোকসকলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰা কাৰ্যক নাটক আখ্যা দিয়ে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল হায় হায়, জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতা মুৰ্দাবাদ,সৰ্বানন্দ সোণোৱালে বানপীড়িত ৰাইজৰ খবৰ নলৈ উভতি যোৱাৰ জবাব লাগে,আদি শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদী ৰাইজে ৷
উল্লেখ্য যে,বিগত ১৫ দিনে বানত ককবকাইছে ৰঙিয়াৰ বগৰীবাৰী বানাক্ৰান্তই ৷ চৰকাৰে প্ৰৰ্যাপ্ত বান সাহায্য যোগান ধৰা হৈছে বুলি বাৰে বাৰে সদম্ভে ঘোষণা কৰি আছে যদিও, বগৰীবাৰী বন্যাৰ্তই লাভ কৰা নাই পৰ্যাপ্ত সাহাৰ্য,শিশু সকলক যোগান ধৰা নাই শিশুৰ আহাৰ ৷ সেয়ে এতিয়া মথাউৰিৰ ওপৰত থকা আশ্ৰয় শিবিৰ সমূহত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷