ETV Bharat / state

ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ শাখাত মহিলাৰ প্ৰতিবাদ

পুৱাৰে পৰা শাৰী পাতি ৰৈ থকা মহিলাৰ পৰিবৰ্তে বহু পলমকৈ অহা অপাৰেটৰ গৰাকীৰ আত্মীয় তথা চিনাকি মহিলাক টকা দিয়াত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শাখাটোত ।

author img

By

Published : Jun 16, 2020, 1:05 PM IST

Updated : Jun 16, 2020, 4:50 PM IST

protest against assam gramin vikash bank employee
অপাৰেটৰৰ গাফিলতিৰ বিৰুদ্ধে উত্তাল ৰঙিয়াৰ অসম গ্ৰামীণ বিকাশ বেংকৰ অতি ক্ষুদ্ৰ শাখা

ৰঙিয়া, 16 জুন : ৰঙিয়াৰ চেপ্তীত অসম গ্ৰামীণ বিকাশ বেংকৰ অতি ক্ষুদ্ৰ শাখাত পুৱা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ শাখাটোৰ অপাৰেটৰগৰাকীয়ে টকা প্ৰদানৰ নামত গাফিলতিৰ কৰাৰ অভিযোগত গ্ৰাহকে কাৰ্যালয়টো ঘেৰাও কৰি সাব্যস্ত কৰে প়্ৰতিবাদ ৷

চেপ্তীৰ অসম গ্ৰামীণ বিকাশ বেংকৰ অতি ক্ষুদ্ৰ শাখাত টকা উলিয়াবলৈ পুৱা 6 বজাৰ পৰা শাৰী পাতি পাতি আছিল প্ৰায় দুই শতাধিক মহিলাই । কিন্তু শাৰী পাতি ৰৈ থকা মহিলাক টকা দিয়াৰ পৰিবৰ্তে শাখাটোৰ অপাৰেটৰগৰাকীয়ে বহু পিছত অহা নিজৰ আত্মীয় তথা চিনাকি মহিলাক টকা দিয়ে । অপাৰেটৰগৰাকীৰ এনে মইমতালিৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰে বাকী মহিলাসকল ৷ ইয়াৰ ফলত শাখাটোত এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ।

উল্লেখ্য যে, লকডাউনৰ সময়ত মহিলাসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সাহাৰ্য আগবঢ়োৱা হৈছে । সাহাৰ্যৰ টকা উলিয়াবলৈ পুৱাৰে পৰা শাৰী পাতি আছিল মহিলাসকল । কিন্তু অসম গ্ৰামীণ বিকাশ বেংকৰ অতি ক্ষুদ্ৰ শাখাটোৰ অপাৰেটৰ গৰাকীয়ে কোনো নিয়ম-কানুন নামানি নিজ মইমতালিৰে টকা আদায় দিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ৷ গ্ৰাহকৰ ৰুদ্ৰমূৰ্তি দেখি বেংকৰ শাখাটো বন্ধ কৰি পলায়ন কৰে শাখাটোৰ অপাৰেটৰ গৰাকীয়ে । পিছত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাত অপাৰেটৰ গৰাকীয়ে শাখাটো গ্ৰাহকৰ বাবে পুনৰ খুলি দিয়ে ।

Last Updated : Jun 16, 2020, 4:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.