বাইহাটা, 31 আগষ্টঃ বাইহাটাৰ ডোৰাকহৰাত শুকুৰবাৰে নিশা এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় ৷ সহস্ৰাধিক লোকে কৰি তোলে উন্মুক্ত ৰেল'ৱে লেভেল ক্ৰছিঙৰ চৌহদ৷ লেভেল ক্ৰছিঙৰ দুয়োফালে ৰেল'ৱে বিভাগে দ গাঁত খান্দি দিয়াৰ বাবে লোক সকলে ৰেল বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
অভিযোগ অনুসৰি ৰে'ল বিভাগে আগতীয়াকৈ কোনো ধৰণৰ জাননী নিদিয়াকৈ ৰে'লৱে লেভেল ক্ৰছিঙৰ দুয়োফালে দ গাঁত খান্দি দিয়াৰ ফলত সাধাৰণ ৰাইজে সেই পথেৰে যাতায়ত কৰাত বহু অসুবিধাৰ সন্মুখীন হৈছে৷ পৰৱৰ্তী সময়ত প্ৰতিবাদ স্থলিত কমলপুৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ প্ৰতিবাদকাৰীৰ লগত আলোচনাত মিলিত হয় আৰু আলাপ আলোচনাৰ মাজেৰে সমস্য সমাধানৰ আস্বাস দিয়ে ।উল্লেখ্য যে ৰে'লআলিৰ দুয়োপাৰে পথটোত গাঁত খান্দি দিয়াৰ ফলত ৰে'লৱে চিগনেলৰ কাৰিকৰী বিজুতি ঘটি ৱহুকেইখন উজনি আৰু নামনিমুৱা ৰে'ল আবদ্ধ হৈ পৰিছিল।