ৰঙিয়া, 4 অক্টোবৰ : ৰঙিয়াত জিলা ক্ৰীড়া সন্থাৰ বিৰুদ্ধে দেওবাৰে ৰঙিয়াত ক্ৰীড়া প্ৰেমী ৰাইজ আৰু বিভিন্ন দল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিচত ৰঙিয়া প্ৰেছ ক্লাৱত এক সংবাদমেল ক্ৰীড়া সন্থাটোৰ সভাপতি ভুৱনেশ্বৰ কলিতাৰ । সংবাদমেলত জানিবলৈ দিয়ে যে, দেওবাৰে ক্ৰীড়া সন্থাটোৰ সাধাৰণ সভা সাময়িকভাৱে স্থগিত ৰখা হৈছে ।
আনহাতে, নতুন ক্লাৱ সমূহক স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰা হ'ব । লগতে, সন্থাটোৰ সংবিধানৰো সংশোধন কৰা হ'ব বুলি মন্তব্য প্ৰদান কৰে ৷ লগতে, ক্ৰীড়া সন্থাৰ নতুন সমিতি গঠনৰ ক্ষেত্ৰত অতিকমেও 40 শতাংশ নতুন লোকক অগ্ৰাধিকাৰ দিয়া হ'ব বুলি কথা দিয়ে । কিন্তু সাংবাদিকে ক্ৰীড়া সন্থাটোৰ বিতৰ্কিত সম্পাদক দিলীপ চৌধুৰীৰ দুৰ্নীতি আৰু অনিয়ম সন্দৰ্ভত প্ৰশ্ন কৰাত গা এৰা মন্তব্য কৰি কৌশলেৰে বিষয়টো এৰাই চলে ।
আনহাতে, যোৱা কেই বছৰত ৰঙিয়াৰ ক্ৰীড়া জগত খনৰ লগতে সন্থাটোৰ যি ধৰণে উন্নতি হব লাগিছিল তেনে ধৰণে হোৱা নাই বুলিও মন্তব্য প্ৰদান কৰে ৷
লগতে পঢ়ক : মাৰ্ঘেৰিটাত জুৱাৰী আটক