ETV Bharat / state

বকোত তুংগত উঠিছে ভোগালী মেলাৰ প্ৰস্তুতি - ভোগালী বিহু

ভোগালী মেলাৰ প্ৰস্তুতি তুংগত উঠিছে বকোৰ মহিলাসকলৰ ৷ অপৰিসীম ব্যস্ততা দেখিবলৈ পোৱা গৈছে মহিলাসকলৰ মাজত ৷ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ তৰফৰ পৰা বকো উন্নয়ন খণ্ডৰ উদ্যোগত অহা ৭ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ অনুষ্ঠিত হ'ব মেলাখন ৷

ভোগালী মেলাৰ প্ৰস্তুতি
ভোগালী মেলাৰ প্ৰস্তুতি
author img

By

Published : Jan 5, 2021, 10:36 PM IST

বকো, 5 জানুৱাৰী: সমাগত ভোগালী বিহু ৷ উলহ-মালহেৰে ভোগালীক আদৰিবলৈ এতিয়া ব্যস্ত হৈ পৰিছে গ্ৰামাঞ্চলৰ প্ৰায় সকলো ৰাইজ ৷ বকোত গাঁৱৰ মহিলাসকলে আৰম্ভ কৰিছে পিঠা,লাৰু,দৈ,চিৰা,সান্দহ আদি তৈয়াৰৰ যো-জা ৷ কিন্তু এইবাৰ বকো বকোৰ গাঁৱৰ মহিলাসকলে অকল পিঠা-পনা পোনাই নহয়, সেইসমূহ বিক্ৰী কৰি আৰ্থিকভাৱে টনকিয়াল হোৱাৰো প্ৰস্তুতি চলাইছে ৷

বকোত তুংগত উঠিছে ভোগালী মেলাৰ প্ৰস্তুতি
বকোত তুংগত উঠিছে ভোগালী মেলাৰ প্ৰস্তুতি

কিয়নো পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ তৰফৰ পৰা বকো উন্নয়ন খণ্ডৰ উদ্যোগত অহা ৭ জানুৱাৰীৰ পৰা ১১ জানুৱাৰীলৈ বকোৰ গান্ধী মৈদানত আয়োজন কৰিছে 'অসমী ভোগালী মেলা' ৷ ভোগালী মেলাত অংশগ্ৰহণ কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে বকো অঞ্চলৰ ৩৫ টাকৈ আত্মসহায়ক গোটে ৷ আয়োজক কমিটীয়ে জনোৱা মতে,যোৱা বছৰো ভোগালী মেলা অনুষ্ঠিত কৰা হৈছিল আৰু ৰাইজৰ যথেষ্ট সঁহাৰিও লাভ কৰিছিল ৷ এইবাৰো মেলাখনত ৰাইজৰ যথেষ্ট সঁহাৰি পাব বুলি আশা প্ৰকাশ কৰিছে আয়োজক কমিটীয়ে ৷

মহিলাসকলে আৰম্ভ কৰিছে পিঠা, লাৰু, দৈ, চিৰা, সান্দহ আদি তৈয়াৰৰ যো-জা

লগতে পঢ়ক: মায়ঙৰ কাছশীলাত পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.