ETV Bharat / state

JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ

অৱশেষত আৰক্ষীৰ জালত পৰিল পলাতক প্ৰদীপ কুমাৰ । JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমাৰ দীৰ্ঘদিন ধৰি নতুন দিল্লীত আত্মগোপন কৰি আছিল । গুৱাহাটী আৰক্ষীয়ে নতুন দিল্লীতে গ্ৰেপ্তাৰ কৰে অভিযুক্ত প্ৰদীপ কুমাৰক ।

JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ
JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ
author img

By

Published : Nov 29, 2020, 8:30 PM IST

দক্ষিণ কামৰূপ, ২৯ নৱেম্বৰ: ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত হেতালি খেলি নতুন দিল্লীত লুকাই থকা প্ৰদীপ কুমাৰক দেওবাৰে গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । JEE কেলেংকাৰী সৈতে নাম সাঙোৰ খোৱাৰ পিছতে অসমৰ পৰা পলায়ন কৰিছিল । ভুৱা পৰীক্ষাৰ্থী যোগান চক্ৰৰ অন্যতম আছিল প্ৰদীপ কুমাৰ । পৰীক্ষাৰ্থী যোগান ধৰাই নহয়, নীল নক্ষত্ৰ দাস নামৰ পৰীক্ষাৰ্থীগৰাকীৰ হৈ প্ৰদীপ কুমাৰ পৰীক্ষাত অৱতীৰ্ণও হৈছিল । JEE কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া চলি থকাৰ বাবে নতুন দিল্লীত আত্মগোপন কৰি আছিল ।

এই বিষয়ে খবৰ পোৱাৰ পিছতে গুৱাহাটী আৰক্ষীৰ এটা দল নতুন দিল্লীলৈ ৰাওনা হৈছিল । কেইবাদিনো ধৰি নতুন দিল্লীতে বাহৰ পাতি আছিল আৰক্ষীৰ দলটোৱে । অৱশেষত দেওবাৰে আৰক্ষীৰ জালত পৰে প্ৰদীপ কুমাৰ । এ ডি চি পি সুপ্ৰতিভ লাল বৰুৱাৰ নেতৃত্বত দিল্লীত অভিযান চলাইছিল আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পিছতো বৰ্তমানেও দিল্লীতে ৰখা হৈছে প্ৰদীপ কুমাৰক । শীঘ্ৰেই অসমলৈ লৈ অনা হ'ব বুলি আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে ।

উল্লেখ্য যে, পূৰ্বতে JEE কেলেংকাৰীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে ৭ জনকৈ লোক । যোৱা ২৮ অক্টোবৰত ড° জ্যোতিৰ্ময় দাস, নীল নক্ষত্ৰ দাস, হেমেন্দ্ৰ নাথ শৰ্মা, প্ৰাঞ্জল কলিতা, হিৰুকমল পাঠকক গ্ৰেপ্তাৰ কৰা হৈছিল । তাৰ পিছতে ৩১ অক্টোবৰত গ্লৱেল ইডুলাইটৰ কৰ্মচাৰী কাকলি বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছিল ।

শেষত মাষ্টাৰমাইণ্ড ভাৰ্গৱ ডেকাক গ্ৰেপ্তাৰ কৰাত সকলো JEE কেলেংকাৰীৰ সকলো তথ্য পোহৰলৈ আহে । ভাৰ্গৱ ডেকাই আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছিল কেলেংকাৰীৰ কথা । ইয়াৰ পিছতে প্ৰদীপ কুমাৰক বিচাৰি অভিযান চলাইছিল আৰক্ষীয়ে । অৱশেষত দেওবাৰে প্ৰদীপ কুমাৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

লগতে পঢ়ক:৯৩ সংখ্যক হাউলী ৰাস মহোৎসৱৰ শুভাৰম্ভ কৰে ৰঞ্জিত দাসে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.