ETV Bharat / state

ৰঙিয়াৰ এপ’ল মিলৰ দুৰৱস্থাঃ কাণসাৰ নাই চৰকাৰৰ

1988 চনতেই স্থাপিত হোৱা ৰঙিয়াৰ এপ’ল মিল তিনিবছৰ পূৰ্বেই বন্ধ হৈ যোৱাৰ ফলত শতাধিক কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ বিগত দিন ধৰি দৰমহা বন্ধ হৈ থকাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে শ্ৰমিক-কৰ্মচাৰীসকলে ৷

মৰিশালিত পৰিণত ৰঙিয়াৰ এপ’ল মিল
author img

By

Published : Nov 20, 2019, 1:23 PM IST

ৰঙিয়া, 20 নৱেম্বৰঃ মৰিশালিত পৰিণত ৰঙিয়াৰ এপ’ল মিল ৷ তিনিবছৰ পূৰ্বেই বন্ধ হৈ যোৱা উদ্যোগটোৰ প্ৰায় ছয় শতাধিক কৰ্মচাৰীৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ বিগত বহু দিন ধৰি দৰমহা বন্ধ হৈ থকাৰ ফলত তীব্ৰ আৰ্থিক সংকটত ভুগিবলগীয়া হৈছে শ্ৰমিক-কৰ্মচাৰীসকলে ৷ 1988 চনতেই স্থাপিত হোৱা এই বস্ত্ৰ উদ্যোগটো বন্ধ হৈ যোৱাৰ ফলত আৰ্থিক অভাৱ-অনাটনৰ বাবে কেইবাজনো কৰ্মচাৰীয়ে আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছিল । তাৰ পিছতো চৰকাৰৰ পৰা অৱহেলিত এই উদ্যোগটো ৷ উদ্যোগটোৰ শ্ৰমিক-কৰ্মচাৰীসকলে চৰকাৰক কেইবাবাৰো গোহাৰি জনোৱাৰ পিছতো আৰম্ভ নহ’ল মিলটো । চৰকাৰে প্ৰতিবাৰেই আশ্বাস-বিশ্বাস দি ওভতাই পঠাই শ্ৰমিক সকলক । কিন্তু আজিলৈকে কাৰ্যক্ষম হৈ নুঠিল মিলটো ।

মৰিশালিত পৰিণত ৰঙিয়াৰ এপ’ল মিল

ইয়াৰ প্ৰতিবাদত এপ'ল মিলৰ কেইবাশতাধিক শ্ৰমিকে ধাৰাবাহিক আন্দোলনৰ হুংকাৰ দিয়ে । অতি শীঘ্ৰে মিলটো পুনৰ কাৰ্যক্ষম নকৰিলে দুৰ্ভগীয়া শ্ৰমিকসকলক চৰকাৰে গুলীয়াই মৰাৰ আহ্বানৰ লগতে শ্ৰমিকসকলে ৰাজপথলৈ ওলাই আহি ৰাজহুৱাকৈ আত্মজাহৰ দৰে পথ বাছি ল’বলৈও সাজু বুলি প্ৰকাশ কৰে শ্ৰমিকসকলে ।

আৰু পঢ়কঃ সোণোৱাল কেবিনেটৰ কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Intro:নলবাৰীৰ ৰাস মহোৎসৱত অঘটন।Body:নলবাৰীৰ 86 তম ৰাস মহোৎসৱৰ মাজতে অঘটন।।উল্লেখ্য যে অতি উলাহ মালহেৰে ৰাস মহোৎসৱ চলি থকাৰ মাজতে ব্ৰেক ডেন্সৰ পৰা সৰি পৰিল এগৰাকী কৰ্মচাৰী।।আৰু এই দুৰ্ঘটনাৰ পিছতে যুৱক জনক উদ্ধাৰ কৰিবলৈ আন কিছু কৰ্মচাৰীয়ে চেষ্টা চলাই যদিও মুখ মণ্ডল আৰু মূৰত গুৰুত্বৰ ভাবে আহত হয় যুৱক জন।।লগে লগে যুৱক জনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰিয়ে যুৱক জনক GMCH লৈ প্ৰেৰণ কৰে যদিও মাজ পথতে যুৱক জনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে।।অন্যহাতে মৃত যুৱক জন নগাও ৰ বাবু দাস বুলি চিনাক্ত হৈছে।।

Byte=Conclusion:কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.