ETV Bharat / state

বকোৰ বামুনবড়ীৰ ভগা দলঙে জীয়াতু ভুগাইছে স্থানীয় ৰাইজক

পৰিৱৰ্তনৰ মুখ নেদেখা বকো সমষ্টিৰ এখন বাঁহৰ ভগা দলঙেৰে বিপজ্জনকভাৱে যাতায়ত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ ৪৭নং বামুনবড়ীৰ গাওঁ পঞ্চায়তৰ বেৰাভাঙাৰটাৰী গাঁৱত থকা বাঁহৰ দলংখনে জ্বলা কলা খুৱাইছে বৃহত্তৰ অঞ্চলবাসীক ৷ দলংখনৰ জৰাৰ্জীণ অৱস্থাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে আহিব নোৱাৰে এম্বুলেঞ্চ ৷

AS_BOKO_POOR_CONDITION_OF_A_ROAD_img_ASC10052
বকোৰ বামুনবড়ীৰ ভঙা দলঙে জীয়াতু ভুগাইছে স্থানীয় ৰাইজক
author img

By

Published : Nov 30, 2020, 4:00 PM IST

বকো, 30 নৱেম্বৰ: বিজেপি নেতৃত্বধীন পৰিৱৰ্তনকামী চৰকাৰখনে পৰিৱৰ্তনৰ শ্ল'গান দি শাসনভাৰ গ্ৰহণ কৰিলে ৷ কিন্তু এতিয়াও পৰিৱৰ্তনৰ মুখ নেদেখিলে বকো সমষ্টিৰ ৪৭ নং বামুনবড়ীৰ গাওঁ পঞ্চায়তৰ বেৰাভাঙাৰটাৰী গাঁৱত থকা বাঁহৰ দলং খনে ৷ এখন বাঁহৰ ভগা দলঙেৰে বিপজ্জনকভাৱে যাতায়ত অব্যাহত ৰাখিছে গাঁওবাসীয়ে ৷ শতাধিক পৰিয়ালে বসবাস কৰা গাঁওখনত স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগীকে ধৰি সকলোৱে এই দলঙেৰেই যাতায়ত অব্যাহত ৰাখিছে ৷

AS_BOKO_POOR_CONDITION_OF_A_ROAD_img_ASC10052
বকোৰ বামুনবড়ীৰ ভঙা দলঙে জীয়াতু ভুগাইছে স্থানীয় ৰাইজক

দীৰ্ঘদিন ধৰি এই বৃহত্তৰ অঞ্চলৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি অঞ্চলবাসীয়ে বিপদ সংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে এই ভগা দলংখনেৰে ৷ জৰাৰ্জীণ অৱস্থাত থকা দলঙখন নিৰ্বাচন আহিলেই ৰাজনৈতিক দলৰ নেতাই নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আৰু পাছত ফুটুকাৰ ফেনত পৰিণত হয় ৷ দলঙখনৰ জৰাৰ্জীণ অৱস্থাৰ বাবে ৰোগীক চিকিৎসালয়লৈ নিবৰ বাবে আহিব নোৱাৰে এম্বুলেঞ্চ ৷ প্ৰতি বছৰে ৰাইজে গাঁঠিৰ ধন ভাঙি যাতায়তৰ বাবে বাঁহৰ সাকো নিৰ্মাণেৰে যাতায়ত সুচল কৰি তোলে স্থানীয় ৰাইজে ৷ ইমানৰ পিছতো পঞ্চায়ত প্ৰতিনিধি, সাংসদ তথা বিধায়কে সমস্যাটোত কোনো গুৰুত্ব নিদিয়াত সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে বৃহত্তৰ অঞ্চলবাসীয়ে।

লগতে পঢ়ক:১ জানুৱাৰীৰ পৰা খুলিব ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.