ৰঙিয়া , 8 নৱেম্বৰঃ ৰাজ্যত পুনৰ সংঘটিত হ'ল বলপূৰ্বকভাৱে দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ ঘটনা ৷ কাম দিয়াৰ প্ৰলোভনেৰে বলপূৰ্বক ভাবে দেহ ব্যৱসায়ত জড়িত কৰোৱাক কেন্দ্ৰ কৰি শুকুৰবাৰে উত্তাল হৈ পৰিল ৰঙিয়া তিনিআলি ৷ তিনিআলিৰ মিলৰোডৰ পাণ্ডে বিল্ডিঙত ভাড়াতীয়া হিচাপে থকা বীণা বড়ো নামৰ মহিলা গৰাকীয়ে এগৰাকী অসহায় যুৱতীক দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ ঘটনা পোহৰলৈ আনিলে নিখিল বড়ো ছাত্ৰ সন্থাই ৷ সংগঠনটোৱে ভুক্তভোগী মহিলাগৰাকীক উদ্ধাৰ কৰি আৰক্ষীক গতাই দিয়ে ৷ সংগঠনটোৰ এজাহাৰৰ ভিত্তিত ইতিমধ্যে মহিলাগৰাকীক আটক কৰিছে আৰক্ষীয়ে ৷
প্ৰাপ্ত তথ্য মতে , বীণা বড়ো মহিলা গৰাকীয়ে নিকাচিৰ বড়ো সম্প্ৰদায়ৰ নিঠৰুৱা যুৱতী গৰাকীৰ লগত থকা চিনাকি সূত্ৰে দেওবাৰে তেজপুৰৰ পৰা কাম দিয়াৰ প্ৰলোভনৰে ৰঙিয়ালৈ লৈ আহে । যুৱতী গৰাকীয়ে বীণা বড়োক মা সম্বোধন ধৰি এক আশ্ৰয়ৰ সপোন দেখিছিল যদিও পিছদিনাই ভাড়াঘৰৰ ৰূমতে অকলশৰে থকা বীণা বড়োৱে নৰপিশাচৰ হাতত যুৱতী গৰাকীক তুলি দিয়ে । সোমবাৰৰ পৰা যুৱতী গৰাকীক বলপূৰ্বক ভাবে দেহ ব্যৱসায়ত লিপ্ত কৰায় বীণা বড়োৱে । যুৱতী গৰাকীয়ে বৃহস্পতিবাৰে সুবিধা লৈ তেজপুৰৰ এগৰাকী চিনাকি মহিলাক ঘটনা সম্পৰ্কে অৱগত কৰাত মহিলা গৰাকীয়ে এবছুক খবৰ দিয়ে । পিছত এবছুৱে স্থানীয় ৰাইজৰ সহযোগত মহিলা গৰাকীৰ কৱলৰ পৰা যুৱতী গৰাকীক উদ্ধাৰ কৰে । উল্লেখ্য যে, আটকাধীন মহিলাগৰাকী পুৰ্বৰে পৰা অসামাজিক কাৰ্য-কলাপত জড়িত বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ চিৰাঙৰ বিজনীত নিষিদ্ধ দ্ৰব্যসহ আটক ড্ৰাগছ সৰবৰাহকাৰী