বকো,22 জানুৱাৰী : অৱশেষত পুনৰ আৰক্ষীৰ জালত পৰিল বকো থানাৰ পৰা হেণ্ডকাপ ছিঙি পলোৱা গভাইত চোৰটো ৷ পলাতক চোৰটোৰ নাম হৈছে হাকিমুদ্দিন আলী ওৰফে চাকুমাৰা ৷
যোৱা ১৮ জানুৱাৰীত হাকিমুদ্দিনৰ সহিতে ৫ বাইক চোৰক বকো আৰক্ষীয়ে জিন্মাত লৈছিল । ইতিমধ্যে অভিযুক্ত 5 চোৰৰ বিৰুদ্ধে বকো থানাত 1304/20 নম্বৰত ৰুজু কৰা হৈছে এক গোচৰ ৷ ইফালে যোৱা ৬ ডিচেম্বৰৰ পৰাই আন গোচৰত অভিযুক্ত হৈ কাৰাগাৰত বন্দী হৈ আছিল দুৰ্ধৰ্ষ চোৰকেইটা ৷
কিন্তু বৃহস্পতি বাৰে আৰক্ষীৰ চকুত ধূলি দি বকো থানাৰ পৰা হেণ্ডকাপ ছিঙি পলায় যাবলৈ সক্ষম হয় হাকিমুদ্দিন আলী ওৰফে চাকুমাৰা নামৰ গভাইত চোৰটো ৷
তাৰ পাছতেই বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সনজিৎ কুমাৰ ৰয়ৰ নেতৃত্বত এক অভিযান চলায় আৰু জামবাৰী চকীৰ বিষয়া মুন্না পাচনিৰ সহযোগত প্ৰায় ২৪ ঘন্টাৰ ভিতৰতে বকো আৰক্ষীয়ে পলাতক হাকিমুদ্দিন আলী ওৰফে চাকুমাৰাক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ উল্লেখ্য যে, শুকুৰবাৰে পুৱতি নিশা বকোৰ ১নং জামবাৰীৰ পৰা নিজ গৃহৰ সমীপতে খেদি খেদি বকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে হাকিমুদ্দিনক ৷
লগতে পঢ়ক : জোনবিলত সম্পন্ন হ’ল ঐতিহাসিক বিনিময় প্ৰথা