ETV Bharat / state

আজি বানবিধ্বস্ত অ়়ঞ্চললৈ মুখ্যমন্ত্ৰী: ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ ল’লে প্ৰধানমন্ত্ৰীয়ে - নামনি অসমলৈ মুখ্যমন্ত্ৰী

ৰাজ্যত মঙলবাৰৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ভয়াবহ ৰূপ ধাৰণ কৰিছে বান পৰিস্থিতিয়ে(The flood situation in Assam) ৷ লখিমপুৰ, তেজপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে ৰঙিয়াৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ ওপৰেদি পানী বৈ যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ৷ এনে পৰিস্থিতিৰ মাজতেই শনিবাৰে নামনি অসমত বানৰ বুজ ল’বলৈ উপস্থিত হ’ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰধানমন্ত্ৰী মোডীয়েও ইতিমধ্যে ফোনযোগে খবৰ লৈছে অসমৰ বান পৰিস্থিতিৰ(PM enquire about assam flood situation) ৷

PM Modi calls CM Sarma
আজি বানবিধ্বস্ত অ়়ঞ্চললৈ মুখ্যমন্ত্ৰী
author img

By

Published : Jun 18, 2022, 10:13 AM IST

নিউজ ডেস্ক, 18 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে নামনি অসমৰ বান পৰিস্থিতি পৰিদৰ্শন কৰিব(CM visit flood affected area in Lower Assam) ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱা প্ৰায় 9 বজাত দিছপুৰৰ পৰা নামনি অসমলৈ ৰাওনা হয় ৷ দিছপুৰৰ পৰা ৰাওনা হোৱাৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট কৰি প্ৰধানমন্ত্ৰীয়ে শনিবাৰে পুৱা ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ কথা জানিবলৈ দিয়ে ৷

  • At 6 am today,Hon PM Shri @narendramodi ji called me to enquire about #flood situation in #Assam. While expressing his concerns over the hardships being faced by people due to this natural calamity,Hon PM assured all help from Central Govt.

    Humbled by his reassuring generosity.

    — Himanta Biswa Sarma (@himantabiswa) June 18, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটত প্ৰধানমন্ত্ৰী মোডীয়ে অসমৰ বান পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰাৰ কথা উল্লেখ কৰে ৷ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ৰাজ্যখনৰ জনতাই সন্মুখীন হোৱা অসুবিধাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে বুজ লোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়াৰ কথাও টুইটত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

প্ৰধানমন্ত্ৰীৰ লগত বাৰ্তালাপৰ পাছত নামনি অসমৰ দিশে ৰাওনা হয় মুখ্যমন্ত্ৰী ৷ তেওঁ প্ৰথমে ৰঙিয়া চহৰৰ লগতে ইয়াৰ সমীপৱৰ্তী দুটাকৈ অঞ্চলৰ বান পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰিব ৷ ৰঙিয়াৰ পাছত তেওঁ মঙলদৈ জিলাৰ পথৰুঘাটৰ লগতে আৰু দুটাকৈ স্থানত বান পৰিস্থিতি পৰ্যবেক্ষণ কৰিব ৷

লগতে পঢ়ক : সাহাৰ্য বিচাৰি গৈছিল বিধায়কৰ ওচৰলৈ: 100 টকা দি পঠাই দিলে ঘৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.