ETV Bharat / state

এটা ৰাজনৈতিক দলৰ নেত্ৰীক ধৰ্ষণৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ

চিকিৎসা কৰিবলৈ অহা ফাৰ্মাচিষ্টৰূপী এজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী অসুস্থ মহিলা । ইপিনে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ সময়তে মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে ।

ৰঙিয়াত এটা ৰাজনৈতিক দলৰ নেত্ৰীক ধৰ্ষণৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ

author img

By

Published : Sep 8, 2021, 10:02 PM IST

ৰঙিয়া,8 ছেপ্তেম্বৰ : ৰঙিয়াৰ তুলসীবাৰীত এটা ৰাজনৈতিক দলৰ নেত্ৰীক ধৰ্ষণৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ । চিকিৎসা কৰিবলৈ অহা ফাৰ্মাচিষ্টৰূপী এজন লোকৰ কামনাৰ বলি হ’ল এগৰাকী অসুস্থ মহিলা । ইপিনে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ সময়তে মহিলা গৰাকীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক ঘটনাস্থলীত উপস্থিত হৈ মহিলা গৰাকীক উদ্ধাৰ কৰে ।

ৰঙিয়াত এটা ৰাজনৈতিক দলৰ নেত্ৰীক ধৰ্ষণৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ

তাৰপাছতে, ৰাইজে পিঠিত ঔকিল সোধালে ধৰ্ষণ কৰিবলৈ চেষ্টা কৰা তুলসীবাৰীৰ ফাৰ্মাচিষ্ট খবিৰুদ্দিন আহমেদক । অভিযোগ অনুসৰি তুলসীবাৰী অঞ্চলৰ এগৰাকী নেত্ৰী তথা অসুস্থ মহিলাগৰাকী ৰক্তচাপ জুখিবলৈ গৈছিল ফাৰ্মাচিষ্টটোৰ কাষলৈ আহিছিল । ইপিনে মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগ বুজি খবিৰুদ্দিনে চিকিৎসা কৰিবলৈ এৰি ধৰ্ষণৰ চেষ্টা চলায় অসুস্থ মহিলা গৰাকীক ।

লগতে পঢ়কঃ মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা : তিনি বিষয়াক নিলম্বন

ভুক্তভোগী মহিলা গৰাকীয়ে চিঞৰ বাখৰ লগোৱাৰ লগে লগে উপস্থিত হ'ল শাহুৱেকৰ লগতে স্থানীয় লোক । উপস্থিত ৰাইজে লগে লগে কৰায়ত্ব কৰিলে খবিৰউদ্দিন । মানবৰূপী দানৱ খবিৰুদ্দিনক লপাথপা দি আৰক্ষীক গতাই দিলে উপস্থিত ৰাইজে । আনহাতে আৰক্ষীয়ে লম্পটটোক গ্ৰেপ্তাৰ কৰাৰ পিছতে আন এগৰাকী মহিলাই সন্মুখলৈ আহি খবিৰুদ্দিনে তেওঁকো চিকিৎসাৰ নামত নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ।

সম্প্ৰতি আৰক্ষীয়ে খবিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে, খবিৰুদ্দিনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত এখন ফাৰ্মাচী চলাই আছিল । ইপিনে বৰ্তমান আৰক্ষীৰ জিম্মাত থকা খবিৰুদ্দিনৰ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ নাই বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰে । একেদৰে ঘটনোটো সংঘটিত হোৱাৰ পাছতে একাংশ স্থানীয় লোকে তুলসীবাৰী আৰক্ষী চকী ঘেৰাও কৰি দোষীক উচিত শাস্তিৰ দাবী জনায় ।

লগতে পঢ়কঃ চৰকাৰক শ্ৰী শ্ৰী দিঘলী সত্ৰ সংৰক্ষণৰ দাবী ভকত বৈষ্ণৱৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.