ETV Bharat / state

শ্ৰমিকৰ ওপৰেৰে চলালে বলেৰ’ গাড়ী - ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ

ক’ভিডসৃষ্ট লকডাউনৰ মাজত এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিছে ৰাজ্যৰ খাটি-খোৱা দিনহাজিৰা কৰা শ্ৰেণীৰ লোক সকলে ৷ এনে সময়তে, কামৰূপ জিলাৰ বাইহাটা অঞ্চলত বনুৱাক কাম বন্ধ কৰিবলৈ দি মান্তি কৰাব নোৱাৰাত এজন উদণ্ড যুৱকে এদল বনুৱাৰ ওপৰেৰে বলেৰ’ বাহন চলোৱাৰ চেষ্টাত লিপ্ত হোৱাৰ ঘটনাই স্বাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত ৷

person-tried-to-run-over-his-four-wheeler-on-labours-working-on-a-road-in-baihata-assam
বনুৱাৰ দেহৰ ওপৰেদি চলিল বৈাহন চলোৱা কোন এই পাপু আহমেদ ?
author img

By

Published : Jul 11, 2021, 8:51 PM IST

বাইহাটা, 11 জুলাই : কামৰূপ গ্ৰাম্য জিলাৰ বাইহাটা চাৰিআলি অঞ্চলত দিন হাজিৰা কৰি দুবেলা-দুসাজ খোৱা বনুৱাৰ দেহৰ ওপৰেদি বলেৰ’(Bolero car) চলাই হত্যাৰ চেষ্টা চলালে এজনে ৷ এজন উদণ্ড যুৱকে প্ৰায় কুৰিজন বনুৱাৰ দেহৰ ওপৰৰে এখন বলেৰ' বাহন চলাই নিয়াৰ অপচেষ্টা চলোৱাৰ এই ভয়ংকৰ কাণ্ড সংঘটিত হয় জালুকবাৰী সমষ্টি(Jalukbari LAC)ৰ অন্তৰ্গত ক্ষুদ্ৰপলহাত ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ(NH 15) আৰু গোগ সংযোগী গ্ৰাম্যপথ(rural road)ৰ পকীকৰণৰ কাম চলি থকাৰ মাজতে সেই পথৰে বাসিন্দা খৱিৰ আহমেদৰ দুই পুত্ৰ নিপু আহমেদ আৰু পাপু আহমেদে পুৰুষ-মহিলাৰ বনুৱাৰ দ'লটোক কাম বন্ধ কৰিবলৈ ধমক দিয়ে । কিন্তু ক'ভিড পৰিস্থিতিত নিজৰ বৃত্তি হেৰুৱাই এই কাম কৰি দুপইছা লাভ কৰা বনুৱা সকলে পেটৰ তাড়নাত এই যুৱকদ্বয়ৰ ভাবুকিত সেও নামানি কাম অব্যাহত ৰখাত কথাতে উন্মাদ হৈ পৰা ভ্ৰাতৃদ্বয় ৷

বনুৱাৰ দেহৰ ওপৰেদি চলিল বৈাহন চলোৱা কোন এই পাপু আহমেদ ?

ইয়াৰে পাপু আহমেদ নামৰ ভাতৃজনে অন্যস্থানত ৰখাই থোৱা AS01BX0253 নম্বৰৰ ব'লেৰখন চলাই আনি বনুৱা সকলৰ ওপৰৰে চলাই নিয়াৰ অপচেষ্টাত লিপ্ত হয় । লগে-লগে বনুৱা সকলৰ মাজত আতংকৰ সৃ্ষ্টি হোৱাৰ লগতে তেওঁলোকে প্ৰাণৰক্ষাৰ বাবে দৌৰাদৌৰি কৰিব লগাত পৰে । তৎস্বত্বেও বলেৰ’খনৰ এটি চকা এজন বনুৱাৰ ভৰিৰ আঙুলি এটাৰ ওপৰৰে পাৰ হোৱাত আহত হয় বনুৱা গৰাকী । ইয়াৰ লগতে শিল চিটিকি পৰাৰ বাবেও বহুকেইজন বনুৱা সামান্যভাৱে আহত হয় । ইপিনে, পথত থকা শিলৰ দম এটিত খুণ্ডিয়াই ৰৈ যাবলৈ বাধ্য হয় বলেৰ’ বাহনখন ।

যুৱক দুজনৰ এই উপদ্ৰৱৰ খৱৰ পোৱাৰ লগেলগে স্থানীয় বহু সংখ্যক লোক ঘটনাস্থলীত উপস্থিত হোৱাত দুই ভাতৃয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে । পথটোৰ কামৰ দায়িত্ব লাভ কৰা ঠিকাদাৰ জনক যুৱক দুজনে ৫ লাখ টকা দাবী কৰাৰো এক অভিযোগ উত্থাপিত হৈছে । বনুৱা সকলে ঠিকাদাৰৰ লগত হোৱা বাক বিতাণ্ডাত কোনো ধৰণৰ মতামত নিদিয়াৰ পিচতো গাড়ীৰে আক্ৰমণ কৰাৰ ঘটনাই অঞ্চলবাসী ৰাইজক ক্ষোভিত কৰিছে ৷

লগতে পঢ়ক : নিজৰ মাজতে সংঘৰ্ষ লাগি প্ৰাণ হেৰুৱালে বীৰাপ্পানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.