ETV Bharat / state

সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাইছে ৰঙিয়াৰ একাংশ পুৰুষ-মহিলাই

author img

By

Published : Aug 31, 2022, 8:53 PM IST

Updated : Aug 31, 2022, 9:00 PM IST

ৰঙিয়াৰ প্ৰায় চাৰি শতাধিক পুৰুষ-মহিলাই দাঙি ধৰিছে নিৰ্দশন ৷ স্বাৱলম্বিতাৰ বাটেৰে আগুৱাই গৈ সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে তেওঁলোকে ৷ অঞ্চলটোৰ মহিলাসকলেও এতিয়া স্বামীলৈ বাট নাচাই নিজৰ খৰচৰ লগতে সন্তানৰ খৰচো বহন কৰিবলৈ সক্ষম হৈছে (Self reliant women at Rangia)৷

Self reliant women at Rangia
সংস্থাপনহীনতাক প্ৰত্যাহ্বান জনাইছে ৰঙিয়াৰ একাংশ পুৰুষ মহিলাই

ৰঙিয়া, 31 আগষ্ট: কৃষি কৰ্মৰে স্বাৱলম্বী হৈছে ৰঙিয়াৰ গোসাঁই শৌলমাৰীৰ উত্তৰণ কৃষি উৎপাদন কোম্পানী (Uttaran farmer production company Rangia)৷ প্ৰায় ৭০ বিঘা মাটিৰ পামটোত সংস্থাপিত হৈছে ৪৪৬ গৰাকী পুৰুষ-মহিলা । বছৰেকত উপাৰ্জন কৰিছে ৭০ লাখ টকা ৷

কৃষি উৎপাদন কোম্পানীটোৱে ৬০ বিঘা মাটিত খান্দি লৈছে ১০ টা বৃহৎ বৃহৎ পুখুৰী । মৎস্য পালনৰ লগতে ফল, পাচলিৰ শস্য আৰু হাঁহ-কুকুৰা পালনেৰে ফাৰ্মখন অতি কম সময়ৰ ভিতৰত উৎপাদনমুখী হৈ পৰিছে । বিজ্ঞানসন্মত পদ্ধতিৰে পুখুৰীকেইটাত পালন কৰিছে বিভিন্ন প্ৰজাতিৰ মাছ । স্থানীয় মাছৰ তুলনাত অতি কম সময়ৰ ভিতৰতে এই মাছবোৰ বজাৰত মুকলি কৰি দিবলৈ সক্ষম হৈছে (Fish farming at Rangia)।

কামৰূপ, নলবাৰী, বৰপেটা, বাক্সা, মঙলদৈকে ধৰি অসমৰ বিভিন্ন ঠাইত যোগান ধৰা হয় মাছবোৰ । মহিলাসকলে পুখুৰীৰ সৰু সৰু মাছবোৰৰ পৰা আচাৰ বনাই বজাৰত বিক্ৰী কৰিও লাভাৱান হোৱা পৰিলক্ষিত হৈছে । এই খবৰ বিয়পি পৰাৰ পাছতে কিছুদিন পূৰ্বে কৃষকসকলৰ কামৰ খতিয়ান ল’বলৈ উপস্থিত হৈছিল বিশ্ব বেংকৰ উপাধ্যক্ষ মাৰ্টিন ৰেইজাৰ, সঞ্চালক ড৹ আগষ্টি ট'ন, বিশ্ব বেংকৰ জ্যেষ্ঠ কৃষি বিশেষজ্ঞ ড৹ এণ্ড্ৰিউ (World Bank delegate at Rangia)।

বিশ্ব বেংকৰ প্ৰতিনিধিৰ দলটোৱে প্ৰশংসা কৰিছিল ৪৪৬ গৰাকী মীন পালকক । উল্লেখ্য যে বছৰ বছৰ ধৰি পৰিত্যক্ত অৱস্থাত অব্যৱহৃত হৈ থকা পিতনিত মৎস্য পালনৰ লক্ষ্যৰে কেইবছৰমান পূৰ্বে আগবাঢ়ি আহিছিল উত্তৰণ কৃষি উৎপাদন কোম্পানীটো । সেই পামটোত প্ৰত্যক্ষভাৱে জড়িত হৈছে ৪৪৬ গৰাকী পুৰুষ-মহিলাৰ লগতে পৰোক্ষভাৱে সহস্ৰাধিক লোক । শিক্ষিত উদ্যমী পুৰুষ আৰু মহিলাসকলৰ এই ফাৰ্মখন এক ইতিবাচক নিদৰ্শন দাঙি ধৰিছে ।

লগতে পঢ়ক: ১৪ দিনীয়া সদ্যোজাতক লগত লৈ সভাৰ বাহিৰত অপেক্ষা পিতৃ আৰু আইতাকৰ

Last Updated : Aug 31, 2022, 9:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.