বাইহাটা চাৰিআলি, 30 জুন : কামৰূপৰ বাইহাটাত জাপানীজ এনকেফেলাইটিছৰ আতংক । বাইহাটা চাৰিআলিৰ পাত্ৰপুৰ গাঁৱত এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু । পাত্ৰপুৰ গাঁৱৰ লোহিত ডেকা নামৰ ব্যক্তিগৰাকী যোৱা 14 জুনৰ পৰা জ্বৰত আক্ৰান্ত হৈ আছিল । স্থানীয় ললিত ডেকা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যালয় সহায়কগৰাকীক জ্বৰ হোৱা বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল । তাতে তেওঁ জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হোৱা বুলি জনা যায় । এটা পষেক এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় লোহিত ডেকাৰ ।
লোহিত ডেকাৰ এইদৰে জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু হোৱাত আতংকিত হৈছে অঞ্চলবাসী । সেয়ে স্বাস্থ্য বিভাগক অতিশীঘ্ৰে প্ৰতিষেধক প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ আনহাতে, কমলপুৰৰ মালিবাৰীত লক্ষেশ্বৰী নাথ নামৰ বৃদ্ধাগৰাকী দুদিন পূৰ্বে একে ৰোগত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ লগতে শিমেলিবাৰী গাঁৱৰ ৰহিমুদ্দিন নামৰ এগৰাকী ব্যক্তিও জি এম চি এইচত চিকিৎসাধীন অৱস্থাত আছে ৷