ৰঙিয়া, ১৭ আগষ্ট: ৰঙিয়াৰ সুন্ধিয়াৰ পশু উপ স্বাস্থ্য কেন্দ্ৰৰ বিধ্বস্ত অৱস্থাই উদঙাইছে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ কামৰ নমুনা । বিভাগীয় কৰ্তৃপক্ষৰ দায়িত্বহীন কাণ্ডৰ বাবেই বছৰ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে সুন্ধিয়াৰ পশু উপ স্বাস্থ্য কেন্দ্ৰটো । এসময়ত এই কেন্দ্ৰটোৰ পৰা উপকৃত হৈছিল প্ৰায় ১০ খন গাঁৱৰ কৃষক তথা পশুপালক । কিন্তু এতিয়া পশুৰ বেমাৰ হ'লে ৰঙিয়ালৈ নিবলগীয়া হয় ।
প্ৰায় ৩০ বছৰ পূৰ্বে নিৰ্মাণ কৰা হৈছিল সুন্ধিয়াৰ পশু উপ স্বাস্থ্য কেন্দ্ৰ । তাৰ পাছত,চিকিৎসা সেৱাও আগবঢ়োৱা হৈছিল । কিন্তু ১২ বছৰ পূৰ্বে ধুমুহাত পশু উপ স্বাস্থ্য কেন্দ্ৰটোৰ বিস্তৰ ক্ষতিসাধন হয় । পশু চিকিৎসা বিভাগৰ চৰম অৱহেলাত এই কেন্দ্ৰটো বৰ্তমানেও মেৰামতি কৰা হোৱা নাই ।
জৰাজীৰ্ণ গৃহটো এতিয়া একাংশ অসাধু লোকৰ বাবে অসামাজিক কামৰ আদ্দাস্থলীলৈ পৰিণত হৈছে ।
জহি-খহি নষ্ট হৈ গৈছে সকলো সা-সামগ্ৰী । টিনপাত, পকী বেৰ ভাঙি চৌদিশ জংঘলৰে আৱৰি ধৰিছে । দিনতে সুৰাৰ আদ্দা আৰম্ভ কৰে একাংশই ।
১০ খন গাঁৱৰ ৰাইজৰ সুবিধাৰ্থে এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল । কিন্তু কেইবছৰ মান পূৰ্বে পশু উপ স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসক তথা চিকিৎসা সেৱাৰ সকলো ব্যৱস্থা অন্য ঠাইলৈ স্থানান্তৰ কৰাত যমৰ-যাতনা ভূগিবলগীয়া হৈছে গঞাই । পশু উপ স্বাস্থ্য কেন্দ্ৰটো পুনৰ কাৰ্যক্ষম কৰি তোলাৰ বাবে স্থানীয় ৰাইজে চৰকাৰক আহ্বান জনাইছে ।
লগতে পঢ়ক:মানৱাধিকাৰ কৰ্মী ড৹ দিব্যজ্যোতি শইকীয়াক সমন্বিত যুৱ তীৰ্থৰ মুখ্য উপদেষ্টাৰ দায়িত্ব