ETV Bharat / state

Pathetic condition of garbhitor dhomdhoma road:সদাব্যস্ত পথ এটাৰ দুৰৱস্থাৰ বাবে জ্বলা-কলা খাইছে ৰঙিয়াবাসীয়ে - ৰঙিয়া

ৰঙিয়াৰ এটা সদাব্যস্ত পথৰ তথৈবচ অৱস্থা ৷ বোকা পানী ফালি কোনোমতেহে অহা-যোৱা কৰিছে ৰাইজে ৷

pathetic road condition
সদাব্যস্ত পথ এটাৰ দুৰৱস্থা
author img

By

Published : Jul 8, 2023, 8:33 PM IST

সদাব্যস্ত পথ এটাৰ দুৰৱস্থা

ৰঙিয়া, 8 জুলাই : ৰঙিয়াৰ এটা সদাব্যস্ত পথৰ দুৰৱস্থাৰ বাবে জ্বলা-কলা খাইছে ৰঙিয়াবসীয়ে । পথটো হৈছে ৰঙিয়া গড়ভিতৰৰ পৰা ধমধমালৈ যোৱা পথটো । উক্ত পথটোৱেই অঞ্চলটোক ৰঙিয়াৰ বাকী অংশৰ লগতে ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ সৈতেও সংযুক্ত কৰে ।

এবছৰ পূৰ্বে অহা বানত কেইবা ঠাইতো ভাঙি পথটো যাতায়তৰ অনুপযোগী হৈ আছিল । এবছৰে মেৰামতি নকৰাৰ পিছত এইবাৰৰ বানে পথটো সম্পূৰ্ণ ৰূপে ছিঙি পেলাই । বানৰ সময়ত পথটোৰ এটা গুৰুত্বপূৰ্ণ অংশ উটি যোৱাৰ ফলত বৰ্তমান পথটোৰ মাজতে প্ৰায় ৩০ ফুট বহল আৰু প্ৰায় ১২ ফুট বহল গাঁতৰ সৃষ্টি হৈছে । যাৰ ফলত পথটোৰে যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ।

অঞ্চলটোৰ বৃহৎ খেতি পথাৰখনৰ কাষতে থকা পথটোৰ বাবে খেতিৰ ভৰপক সময়তো বৰ্তমান কৃষকসকলে পথাৰলৈ যাত্ৰা কৰিব নোৱাৰা হৈছে । পথটো ছিঙি যোৱাৰ বাবে কৃষকে এতিয়া পথাৰৰ মাজে মাজে বোকা পানী ফালি কোনোমতে নিজৰ খেতিৰ মাটিডৰাত উপস্থিত হ’ব পাৰিছে । আনহাতে চাইকেল বা বাইক চলাই অঞ্চলটোত বস্তু বিক্ৰী কৰিবলৈ অহা ক্ষুদ্ৰ ব্যৱসায়ীসকল আদবাটৰ পৰাই উভতি যাবলৈ বাধ্য হৈছে পথটোৰ বাবে ।

মন কৰিবলগীয়া কথা যে অঞ্চলটোৰ ভিতৰত থকা সহস্ৰাধিক ৰাইজে নিজৰ কৰ্মস্থলীৰ লগতে বিদ্যালয় তথা ব্যৱসায়ীক প্ৰতিষ্ঠানত উপস্থিত হ’বলৈ প্ৰায় আঠ কিলোমিটাৰ আঁতৰৰ আন এটা বিকল্প পথৰ ব্যৱহাৰ কৰিবলৈ বাধ্য হৈছে । ইয়াৰ ফলত বিশেষকৈ অসুবিধা হৈছে কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ মহিলাসকলৰ ।

আনহাতে এই ৰাস্তাটোৰে জৰুৰীকালীন স্বাস্থ্য সেৱাৰ বাবে এম্বুলেঞ্চ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহিলেও পথটোৰ ছিঙা অংশটোৰ বাবেই আদবাটতেই ৰৈ যাবলৈ বাধ্য হয় । কেইবা দশক ধৰি শোচনীয় অৱস্থাত থকা পথটো মেৰামতিৰ বাবে চৰকাৰ তথা প্ৰশাসনক গঞাই বাৰম্বাৰ দাবী জনাই অহাৰ পিচত দুবছৰ পূৰ্বে পথটো পেভাৰ ব্লক পাৰি পকীকৰণ কৰা হৈছিল যদিও মাত্ৰ ছমাহ পিচতেই পথটো বানপানীয়ে নষ্ট কৰে আৰু এটা বানৰ এবছৰ পিচত আনটো বানে এইবাৰ পথটো সম্পূৰ্ণৰূপে ছিঙি পেলাইছে ।

ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক বাৰে বাৰে সমস্যাৰ বিষয়ে অৱগত কৰাৰ পিচতো পথটোৰ সমস্যা সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে । ৰাইজৰ এই জ্বলন্ত সমস্যাক গুৰুত্ব দি অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে সকলে দাবী জনায় ।

লগতে পঢ়ক : Assam landslide news: খহি পৰিছে বকো-লাম্পী সংযোগী একমাত্ৰ পথটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.