ETV Bharat / state

তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ ভিৰ অভিভাৱকৰ - তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ ভিৰ অভিভাৱকৰ

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিপৰীতে এখন চৰকাৰী বিদ্যালয়ত শিক্ষাৰ্থী আৰু অভিভাৱকৰ ভিৰ ৷ কিয়নো সকলোকে পঢ়িবলৈ লাগে ৰঙিয়াৰ তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত (Tulsibari Bahumukhi Higher Secondary School) ৷ অভিভাৱকে উল্লেখ কৰা অনুসৰি, ব্যক্তিগত বিদ্যালয়ৰ তুলনাত তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ মানদণ্ড অতি উন্নত ৷

তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ ভিৰ অভিভাৱকৰ

author img

By

Published : Apr 12, 2022, 3:27 PM IST

ৰঙিয়া, 12 এপ্ৰিল : যি সময়ত একাংশ অভিভাৱকে সন্তানৰ শিক্ষাৰ বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ওপৰত বেছিকৈ গুৰুত্ব আৰোপ কৰিছে, তেনে সময়তে ৰঙিয়াৰ এখন বিদ্যালয়ত দেখা গ’ল এখন ব্যতিক্ৰমী দৃশ্য । ৰঙিয়াৰ তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তিৰ বাবে বহু অভিভাৱকে লগালেহি হেতা-ওপৰা (Parents Crowd to enroll in Tulsibari Bahumukhi Higher Secondary School) ।

পুৱাৰ পৰা শাৰী পাতি প্ৰ-পত্ৰ সংগ্ৰহৰ বাবে ৰৈ থাকিও বিফল মনোৰথ লৈ ঘৰলৈ ওভতিল বহু অভিভাৱক । কাৰণ আসন অনুপাতে নামভৰ্ত্তিৰ বাবে অহা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহু বেছি । চৰকাৰী নীতি অনুসৰি, এজন শিক্ষকৰ বিপৰীতে ৩০ গৰাকী ছাত্ৰ-ছাত্ৰী হ’ব লাগে ৷ কিন্তু ইয়াৰ বিপৰীতে, ইতিমধ্যে বিদ্যালয়খনৰ অধ্যক্ষাই ইতিমধ্যে প্ৰায় পোন্ধৰ গৰাকীকৈ অতিৰিক্ত ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ ব্যৱস্থা কৰিছে ।

তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নামভৰ্ত্তি কৰিবলৈ ভিৰ অভিভাৱকৰ

মন কৰিবলগীয়া বিষয়টো হ'ল, অঞ্চলটোত কেইবাখনো ব্যক্তিগত খণ্ডৰ বিদ্যালয় থকা স্বত্বেও অভিভাৱক সকলে নিজৰ সন্তানক তুলসীবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়তে (Parents Crowd to enroll in govt school at Rangia) পঢ়ুৱাবলৈ আগ্ৰহ প্ৰকাশ কৰিছে । কিয়নো বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশে এতিয়া সকলোকে মুগ্ধ কৰিছে ৷ এই খবৰটোৱে ৰাইজৰ মাজত কঢ়িয়াই আনিছে আশাৰ বতৰা ৷ সকলোৰে আশা পুনৰ চৰকাৰী খণ্ডৰ বিদ্যালয়ে যে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ’ব ৷

লগতে পঢ়ক : ভাৰতীয় সাহিত্যৰ শ্ৰেষ্ঠ সন্মান জ্ঞানপীঠ প্ৰদান কাব্য ঋষিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.